NORTHEAST NOW (Assamese)
অসম

অভি-নীল হত্যাকাণ্ডৰ এটা বছৰ সম্পূৰ্ণ; ৮ জুনৰ অভিশপ্ত দিনটোতে ডকমকাত প্ৰাণ হেৰুৱাইছিল দুগৰাকী অসমীয়া যুৱকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 8, 2019 9:07 am
Abhi-NeelAbhi-Neel Abhi-Neel murder case: Witness to be reproduced in Nagaon session court

আজি এটা বছৰ অতিক্ৰম কৰিলে গাৰ নোম শিহৰিত কৰি তোলা দুই তজবজীয়া অসমীয়া যুৱক নীলোৎপল দাস আৰু অভিজিৎ নাথৰ বৰ্বৰ হত্যাকাণ্ডই। বিগত বৰ্ষৰ আজিৰ এই অভিশপ্ত দিনটোতে কাৰ্বি পাহাৰত কাংথিলাংছ’ৰ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰিব গৈ ডকমকাত এজাক উন্মাদ জনতাৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুৱাব লগা হৈছিল দুজন প্ৰতিভাৱান যুৱকে।

দুই অসমীয়া যুৱকক নিষ্ঠুৰভাৱে হত্যা কৰি সেই ভিডিঅ’ চ’ছিয়েল মিডিয়া যোগে ভাইৰেল হোৱা দৃশ্য আজিও প্ৰতিগৰাকী অসমীয়াৰ চকুৰ আগত ভাহি আছে।

এবছৰ উকলি যোৱাৰ পাছতো আজিলৈ আদালতৰ দ্বাৰা দোষী সাব্যস্ত কৰা হোৱা নাই জঘন্য ঘটনাটোৰ লগত জড়িত লোকসকলক। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনত বৰ্তমানেও বিচাৰ প্ৰক্ৰিয়া চলি আছে। দোষীয়ে জামিন লাভৰ বাবে আবেদন কৰিছে আৰু আদালতৰ মজিয়াত জামিনৰ শুনানি অব্যাহত আছে।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ডকমকা কাণ্ডৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ৪৭ গৰাকী অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতৰ পৰা নগাঁও আদালতলৈ স্থানান্তৰ কৰা হৈছিল। নিলোৎপলৰ পিতৃয়ে আদালতৰ লেহেমীয়া বিচাৰ প্ৰক্ৰিয়াক লৈ সুখী নহয় বুলিও মাজে সময়ে সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি আহিছে।

আনহাতে, আজি এটা বছৰে দুটা পৰিয়ালৰ দুৰ্ভগীয়া পিতৃ-মাতৃয়ে আইনী প্ৰক্ৰিয়াৰ মাজেৰে ন্যায়ৰ বাবে অপেক্ষা কৰি আছে। তেওঁলোকৰ বিশ্বাস আইনৰ অধীনত কঠোৰ শাস্তি পাব দোষীয়ে আৰু তেওঁলোকৰ স্বৰ্গগামী সন্তানে মুক্তি লাভ কৰিব।