NORTHEAST NOW (Assamese)
Popular Stories

এইগৰাকী বলাৰৰ বিধ্বংসী বলিঙত দিশহাৰা বিপক্ষ; এক অ’ভাৰত ল’লে ৫ টা উইকেট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 30, 2019 2:19 pm
Mithun

চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীৰ ছেমি ফাইনেলত চমৎকাৰী বলিঙেৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে অভিমন্যু মিথুনে। শুকুৰবাৰে চুৰাটত হাৰিয়ানাৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত কৰ্ণাটকৰ ৩০ বছৰীয়া মিথুনে এটা অ’ভাৰত ৫টা উইকেট দখল কৰি এক অভিলেখ সৃষ্টি কৰে।

হাৰিয়ানাৰ ইনিংছৰ অন্তিমটো অভাৰত বিধ্বংসী বলিঙেৰে মিথুনে প্ৰথম চাৰিটা বলত চাৰিটা উইকেটসহ মুঠ পাঁচটা উইকেট লয়। মিথুনৰ অভাৰটোৰ বিশ্লেষণ আছিল এনেকুৱা- উইকেট, উইকেট, উইকেট, উইকেট, ৱাইড, একৰান আৰু উইকেট।

মিথুনে নিজৰ চাৰি অ’ভাৰত ৩৯ ৰান খৰচ কৰি লাভ কৰে ৫টা উইকেট।

কৰ্ণাটকৰ এইগৰাকী বলাৰৰ বাবেই হাৰিয়ানাই ২০০ ৰানৰ ঘৰ স্পৰ্শ কৰিব নোৱাৰিলে। ১৯ অ’ভাৰলৈকে হাৰিয়ানাই ৩ উইকেটৰ বিনিময়ত ১৯২ ৰান সংগ্ৰহ কৰিছিল। কিন্তু মিথুনৰ শেষৰটো অ’ভাৰত কৰা দুৰ্দান্ত বলিঙৰ বাবেই ১৯৪ ৰানতে থমকি ৰ’বলগীয়া হয় হাৰিয়ানা।

হাৰিয়ানাৰ হৈ হিমাংশু ৰাণাই ৬১ আৰু চৈতন্য বিণ্ডোইয়ে ৫৫ ৰানৰ বৰঙণি আগবঢ়ায়।

মিথুনৰ অন্তিম অভাৰত চিকাৰ হোৱা বেটছমেন কেইগৰাকী হ’ল- হিমাংশু ৰাণা, ৰাহুল তেৱেতিয়া, সুমিত কুমাৰ, অমিত মিশ্ৰা আৰু জয়ন্ত যাদৱ।

ইফালে কৰ্ণাটকে বেট ধৰিবলৈ আহি মাত্ৰ ১৫ অভাৰতে দুটা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। দলটোৰ হৈ কে এল ৰাহুল (৬৬) আৰু দেৱদত্তই (৮৭) বিস্ফোৰক বেটিং কৰে।

উল্লেখ্য যে মিথুনে চলিত বছৰৰে ২৫ অক্টোবৰত অনুষ্ঠিত হোৱা বিজয় হাজাৰেৰ ফাইনেলত তামিলনাডুৰ বিপক্ষে হেট্ৰিকসহ ৫টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ লগে লগ তেওঁ ৰঞ্জি ট্ৰফী, বিজয় হাজাৰে আৰু চৈয়দ মুস্তাক আলী টুৰ্ণামেণ্টত হেট্ৰিক লাভ কৰা প্ৰথমগৰাকী বলাৰত পৰিগণিত হয়।

অভিমন্যু মিথুনৰ হেট্ৰিক

ৰঞ্জি ট্ৰফীত ২০০৯ত উত্তৰ প্ৰদেশৰ বিৰুদ্ধে

২০১৯ত তামিলনাডুৰ বিপক্ষে বিজয় হাজাৰেত

হাৰিয়ানাৰ বিপক্ষে ২০১৯ত চৈয়দ মুস্তাক আলী টুৰ্ণামেণ্টত

কৰ্ণাটকৰ এই গৰাকী পেছ বলাৰে ভাৰতৰ হৈ ২০০৯ চনত অন্তিমবাৰৰ বাবে খেলিছিল। তেওঁ ভাৰতৰ হৈ চাৰিখন টেষ্ট আৰু ৫খন এদিনীয়া আন্তৰ্জাতিক মেটত অংশ লৈছে।