NORTHEAST NOW (Assamese)
অসম

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস

Posted by: এন ই নাও নিউজ September 2, 2018 11:33 am
01-09-18 gUWAHATI- abhiruchi pmt (1)

অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস উপলক্ষে অহা ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব ৩৫ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস। ৰাজ্যৰ বিভিন্ন স্থানৰ লগতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ’ব লগা অভিৰুচি ক্ৰীড়া দিৱসৰ দিনা পুৱা ৬.১৫ বজাত চানমাৰিৰ আনন্দৰাম বৰুৱা  সেঁতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ সমূহীয়া দৌৰৰ আয়োজন কৰা হৈছে।

মণিপুৰৰ বিধানসভাৰ অধ্যক্ষ ৱাই ক্ষেমচান্দ সমূহীয়া দৌৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

শনিবাৰে অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত সংবাদমেলত আয়োজক কমিটীৰ অধ্যক্ষ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে জানিব দিয়ে যে এইবাৰ অভিৰুচি ক্ৰীড়া দিৱস তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে।

চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া অনুসৰি অহা ৮ ছেপ্টেম্বৰৰ দিনৰ ১০.৩০ বজাৰ পৰা লেণ্ডমাৰ্ক হোটেলত শাৰীৰিক শিক্ষা, ক্ৰীড়া বিজ্ঞান আৰু যোগক বিদ্যালয়ৰ পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা সম্পৰ্কত এক আলোচনাচক্ৰ অনু্ষ্ঠিত হ’ব।

সমান্তৰালভাৱে একে সময়তে তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত আন্তঃশিক্ষানুষ্ঠান স্প’ৰ্টছ কুইজ আৰু ৯ ছেপ্টেম্বৰৰ দিনৰ ১ বজাৰ পৰা ইনড’ৰ ষ্টেডিয়ামত আন্তঃশিক্ষানুষ্ঠান সামূহিক ব্যায়াম আৰু গ্ৰুপ ডেন্স প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

সেইদিনা বিয়লি ৫ বজাত একেটা স্থানতে খেলুৱৈৰ সম্বৰ্ধনা, বঁটা বিতৰণ আৰু ৰাজহুৱা সভা অনুষ্ঠিত হ’ব।

উল্লেখ্য যে অইল ইণ্ডিয়া, অ’ এন জি চি, ভাৰতীয় ষ্টেট বেংক, নুমনীগড় শোধনাগাৰ, আই অ’ চি, আছাম ৰুফিং, এন এইচ পি চি, এন এইচ এম, নীপকো আদিয়ে অভিৰুচি ক্ৰীড়া দিৱস স্পনছৰ কৰিছে।