NORTHEAST NOW (Assamese)
Popular Stories

অমিতাভৰ ঘৰৰ পৰা ওলাই গৈছে অভিষেক বচ্চন! তিক্ততা পাহৰি পৃথকে ঐশ্বৰ্যৰ সৈতে বাস কৰিবলৈ সাজু জুনিয়ৰ বচ্চন

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী September 20, 2024 3:18 pm

ঐশ্বৰ্য ৰায় বচ্চন আৰু অভিষেক বচ্চন আকৌ ওচৰ চাপি আহিল নেকি? সকলো অস্থিৰতা আকৌ পাহৰি অভিষেক আৰু ঐশ্বৰ্যই পুনৰ আগবাঢ়িবলৈ লোৱাৰ কথা চৰ্চা চলিছে! বলীউডৰ নতুন হুলস্থুলে সেইটোৱেই কৈছে।

বলীউডৰ এক নতুন চৰ্চাই কয় যে অভিষেকে অমিতাভৰ ‘জলছা’ এৰিব। আনকি, অভিষেকে মুম্বাইত নতুন ফ্লেট কিনিছে। আৰু জুনিয়ৰ বি তাত থাকিব ঐশ্বৰ্য আৰু আৰাধ্যাৰ সৈতে। সূত্ৰৰ পৰা জানিব পৰা মতে, ৫৭ নং মহলাৰ এই নতুন ফ্লেটটো অভিষেকে ক্ৰয় কৰিছিল। এই ফ্লেটটোৰ আয়তন ৪৮৯৪ বৰ্গফুট। ইয়াৰ বাবে তেওঁ ১৫.৪২ কোটি টকা ব্যয় কৰিছিল।

অভিষেক-ঐশ্বৰ্যৰ বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনা এতিয়া এমাহ ধৰি পুনৰ চৰ্চিত হৈছে। শুনা গৈছে যে ননদ শ্বেতা আৰু শাহুৱেক জয়া বচ্চনৰ সৈতে হোৱা সংঘাতৰ বাবে ঐশ্বৰ্য ৰায় বচ্চনে ঘৰৰ পৰা ওলাই আহিবলৈ বাধ্য হৈছে।

অভিষেক বচ্চনে ‘পনিয়িন চেলভান ২’ চিনেমাখন চাই এক্স হেণ্ডেলত এটা পোষ্ট কৰিছিল। এতিয়া ধাৰণা কৰা হৈছে যে অভিষেকে সকলো পাহৰি ঐশ্বৰ্যৰ সৈতে এখন নতুন পৃথিৱী আৰম্ভ কৰিব।