NORTHEAST NOW (Assamese)

নিৰপেক্ষ আৰু নিকা চূড়ান্ত এনআৰচিৰ বাবে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ দাবী

September 13, 2018 12:20 pm · ৰিনয় বসুমতাৰী

 

অসমত চূড়ান্ত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ উন্নীতকৰণ প্ৰক্ৰিয়া নিকা আৰু নিৰপেক্ষ হোৱাটো সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা কমিটীয়ে দাবী কৰিছে। ১২ ছেপ্টেম্বৰত সন্থাই এই বিষয়ক এখন স্মাৰকপত্ৰ কোকৰাঝাৰৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰিছে ।

সংখ্যালঘু ছাত্ৰ সন্থাই আৰু কৈছে তালিকা ‘ক’ত অন্তৰ্ভুক্ত সমৰ্থন নথি আৰু তালিকা ‘খ’ নথি পৰিয়ালবৃক্ষৰ সৈতে সংযোগ প্ৰতিষ্ঠা কৰাৰ বাবে অনুমোদিত নথিৰে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত অন্তৰ্ভুক্তিৰ বাবে ৩.২৯ কোটি লোকে আৱেদন জনাইছিল।

কিন্তু ভাৰতীয় সৰ্বোচ্চ ন্যায়ালয়ে কিছু সংখ্যক সমৰ্থিত নথি ৰদ কৰাৰ ফলত বহু লোকৰ মাজত যথেষ্ট হাহাকাৰৰ সৃষ্টি হৈছে।

সংখ্যালঘু ছাত্ৰ সংগঠনটোৱে আৰু আহ্বান জনাইছে এখন ইকা আৰু নিৰপেক্ষ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰকাশ কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ আহ্বান জনাইছে।

Related News