NORTHEAST NOW (Assamese)
Popular Stories

বিশ্বজুৰি প্ৰায় ১ কোটি ১৭ লাখ লোক পাৰ্কিনছন ৰোগত ভুগিছে ! আচলতে পাৰ্কিনছন কি, এই ৰোগৰ কাৰণ কি ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 13, 2025 7:30 am

বিখ্যাত বিজ্ঞান আলোচনী Frontiers এ প্ৰকাশ কৰা তথ্য অনুসৰি ২০২১ চনত সমগ্ৰ  বিশ্বজুৰি প্ৰায় ১১৭ লাখ হাজাৰ লোকক পাৰ্কিনছন ৰোগ হৈছিল । বিশেষজ্ঞসকলে অনুমান কৰিছে যে ২০৫০ চনলৈকে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা দুগুণত কৈ অধিক হৈ প্ৰায় ২৫২ লাখৰ লৈকে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

পাৰ্কিনছন মানে কি ?

পাৰ্কিনছন ৰোগ হৈছে এটি বয়সৰ সৈতে হোৱা মগজুৰ স্নায়ুবিক বিকাৰ, যত মগজুৰ কিছুমান কোষ নিস্তেজ হৈ পৰে বা ক্ষতিগ্ৰস্ত হয় ৷ ফলস্বৰূপে, ৰোগীগণে ধীৰে ধীৰে খোজ লবলৈ আৰম্ভ কৰে, হাত-ভৰি কঁপে আৰু মূৰতো কম্পন দেখা যায় ৷ লগতে, তেওঁলোকে নিজৰ শৰীৰৰ ভাৰসাম্য বজাই ৰাখিবলৈ অসুবিধা অনুভৱ কৰে ৷

সাধাৰণতে এই ৰোগৰ নিশ্চিত কাৰণ পোৱা নাযায়, যদিও কেতবোৰ ক্ষেত্ৰত জিন দায়ী হব পাৰে বুলি পোৱা গৈছে ৷ এই ৰোগৰ স্থায়ী উপশম নাই, কিন্তু সময়মতে সঠিক চিকিৎসা গ্ৰহণ কৰিলে ইয়াক যথেষ্ট পৰিমাণে নিয়ন্ত্ৰণত ৰখা সম্ভৱ ৷

পাৰ্কিনছন ৰোগৰ কাৰণ কি কি ?

জঠৰতা, পেশীৰ কঁপনি, শৰীৰৰ গতি লেহেমীয়া হোৱা, ভাৰসাম্য ৰক্ষা আৰু খোজ কঢ়াত অসুবিধা, লিখাৰ সময়ত শব্দৰ চুটি-দীঘল হোৱা, মুখৰ পৰা লালটি ওলোৱা আৰু নিয়ন্ত্ৰণ কৰিব নোৱাৰা, মুখৰ ভাব নসলোৱা, গিলিবলৈ অসুবিধা, শব্দ দুৰ্বল হৈ পৰা ।

পাৰ্কিছন কিয় হয় ?

প্ৰধানকৈ পাৰ্কিনছন ৰোগটো ডপামিন নামৰ এটা বিশেষ ৰাসায়নিক পদাৰ্থৰ ঘাটত হোৱা দেখা যায় ৷ ডপামিন মগজুৰ ষ্ট্ৰিয়াটাম অংশত উৎপন্ন হয়, যিয়ে শৰীৰৰ গতি আৰু পেশীৰ চলাচল নিয়ন্ত্ৰণত সহায় কৰে ৷ যেতিয়া এই অংশৰ কোষবোৰ ক্ষয়প্রাপ্ত বা সক্ৰিয়তা হ্ৰাস পায়, তেতিয়া এই ৰোগৰ লক্ষণবোৰ স্পষ্ট হৈ পৰে ৷

পাৰ্কিনছনৰ মূল কাৰণসমূহ

জিনীয় কাৰণ- পাৰ্কিনছন ৰোগ কিছুমান ক্ষেত্ৰত জিনীয় হব পাৰে ৷ অৰ্থাৎ যদি কোনো পৰিয়ালত কোনোবা এজনৰ পাৰ্কিনছন ৰোগ হয়, তেন্তে সেই ব্যক্তিজনৰ আশংকা আনতকৈ বেছি ৷ কিন্তু ১০% ক্ষেত্ৰতহে ই জিনীয় হয় ৷

ইডিয়পেথিক (অজ্ঞাত কাৰণ) –  বেছিভাগ পাৰ্কিনছন ৰোগীৰ কাৰণ জানিব পৰা হোৱা নাই ৷ এনে সকলো ৰোগীকে ইডিয়পেথিক পাৰ্কিনছন বোলা হয়, অৰ্থাৎ এই ৰোগৰ কাৰণ স্পষ্ট নহয় ৷

পৰিৱেশৰ কাৰণসমূহ – কিছুমান ক্ষেত্ৰত কীটনাশকৰ দৰে ৰাসায়নিক পদাৰ্থইও পাৰ্কিনছন ৰোগৰ সৃষ্টি কৰিব পাৰে ৷ ইয়াৰ উপৰিও কাৰ্বন মনোক্সাইড আৰু কিছুমান বিষৰ সংস্পৰ্শতো এই ৰোগৰ আশংকা বৃদ্ধি কৰিব পাৰে ৷

ঔষধ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যা – কিছুমান ঔষধ, যেনে মানসিক স্বাস্থ্যৰ ঔষধে পাৰ্কিনছনৰ দৰে অৱস্থাৰ সৃষ্টি কৰিব পাৰে ৷ ইয়াক পাৰ্কিনছনিজম বোলা হয় ৷ এই প্ৰভাৱ সাময়িক হব পাৰে আৰু ঔষধ গ্ৰহণ বন্ধ কৰিলেই নিৰাময় হব পাৰে ৷

মগজুৰ প্ৰদাহ – মগজুৰ প্ৰদাহ, যাক এনকেফেলাইটিছ বুলি কোৱা হয়, কেতিয়াবা কেতিয়াবা পাৰ্কিনছনৰ লক্ষণ দেখা দিব পাৰে ৷

মূৰৰ আঘাত – খেলৰ সময়ত মূৰত আঘাত পালে বা দুৰ্ঘটনা হলেও পাৰ্কিনছন ৰোগ হব পাৰে ৷ ইয়াক পষ্ট ট্ৰমেটিক পাৰ্কিনছনিজম বোলা হয় ৷

ব্যায়ামৰ দ্বাৰা পাৰ্কিনছান ৰোগ নিয়ন্ত্ৰন – পাৰ্কিনছন ৰোগত দৈনন্দিন শাৰীৰিক ক্ৰিয়াকলাপ আৰু ব্যায়ামৰ ভূমিকা অত্যন্ত জৰুৰি, কাৰণ ই পেশী শক্তি বঢ়ায়, গতি উন্নত কৰে আৰু শৰীৰৰ ভাৰসাম্য বজাই ৰাখিবলৈ সহায় কৰে ৷ তলত দিয়া কিছু ব্যায়াম আৰু পৰামৰ্শ পাৰ্কিনছন ৰোগীৰ বাবে যথেষ্ট উপকাৰী হব পাৰে ।

খোজ কঢ়াৰ সময়ত সাৱধান হওক আৰু গতি নিয়ন্ত্ৰণ কৰক, বেছি বেগেৰে খোজ কাঢ়িব নালাগে। খোজ কাঢ়ি থাকোঁতে সদায় প্ৰথমে ভৰিৰ গোৰোহা মাটিত ৰাখিব লাগে ৷ শৰীৰৰ ভংগীমাৰ প্ৰতি মনোযোগ দিয়ক ৷ পোনে পোনে থিয় হবলৈ চেষ্টা কৰক, যাতে শ্বাফলিং ৰোধ কৰিব পৰা যায় ৷ পিছলৈ খোজ কাঢ়িব নালাগে আৰু কিছুমান লাগেজ লৈ খোজ কাঢ়িবলৈ চেষ্টা নকৰিব। যোগে শৰীৰৰ পেশীবোৰ শক্তিশালী কৰি নমনীয় কৰিব তোলাত সহায় কৰে। ভৰি দুখন আবদ্ধ হৈ পৰিব পৰা বস্তু ঘৰৰ পৰা আঁতৰাই পেলাওক।

এই ৰোগত খাদ্যৰ প্ৰতি সচেতন হওঁক –

প্ৰটিন খাদ্য খাওক ৷ পেশী আৰু শৰীৰৰ কাৰ্যকলাপ শক্তিশালী কৰাৰ বাবে প্ৰটিন অতি প্ৰয়োজনীয় ৷ মগজু আৰু স্নায়ুতন্ত্ৰৰ বাবে ওমেগা-৩ ফেটি এচিড যেনে ফ্লেক্সচিড, চিয়া ছিড, আখৰোট খাব লাগে । সতেজ ফল-মূল খালে ভিটামিন আৰু খনিজ পদাৰ্থ পোৱা যায়, যিয়ে স্নায়ুতন্ত্ৰক ভাল কৰি ৰাখে ৷ কমলা, কিৱি, পালেং শাক আৰু ব্ৰকলি খাব পাৰে, ইয়াত ভিটামিন চি আৰু ই আদি এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে ৷ সেউজীয়া পাতৰ শাক-পাচলি আৰু হালধিৰ দৰে মছলাও স্নায়ুতন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে ৷