NORTHEAST NOW (Assamese)
অসম

প্ৰতিবাদী সমদলক লৈ আৰক্ষীৰ সৈতে জেএনইউৰ শিক্ষাৰ্থীৰ সংঘৰ্ষ; কমেও ৫০ জনক আটক

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী February 27, 2026 9:16 am

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ সন্থাই একাধিক বিষয়ত প্ৰতিবাদী সমদলৰ আহ্বান জনাইছিল। জে এন ইউ কেম্পাছৰ পৰা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ কাৰ্যালয়লৈ দীঘলীয়া পদযাত্ৰাৰ আহ্বান দিয়া হৈছিল। আৰু এই পদযাত্ৰাক লৈ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ ঘটে।

বৃহস্পতিবাৰৰ এই ঘটনাত দুয়োপক্ষৰ লোক আহত হয়। বিশ্ববিদ্যালয়ৰ কৰ্মীৰ উপৰিও কেইবাজনো আৰক্ষী বিষয়া আহত হয়। ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে আটক কৰিছে কমেও ৫০ গৰাকী শিক্ষাৰ্থীক।

জানিব পৰা মতে, জে এন ইউৰ উপাচাৰ্য শান্তিশ্ৰী ধুলিপুডী পণ্ডিতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ নিয়ম কাৰ্যকৰী, বিশ্ববিদ্যালয়ৰ ছাত্ৰ সংগঠনৰ বিষয়ববীয়াক বহিষ্কাৰ আৰু প্ৰস্তাৱিত ৰোহিত আইন সম্পৰ্কে প’ডকাষ্টত কিছু মন্তব্য আগবঢ়াইছিল। ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ-ছাত্ৰীসকলে। সেই মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদৰ অংশ হিচাপে পদযাত্ৰাৰ আহ্বান কৰা হৈছিল।

দক্ষিণ পশ্চিম দিল্লীৰ উপ আয়ুক্ত (ডিচিপি) অমিত গোৱেলে কয় যে ষ্টুডেন্ড ইউনিয়নক কেৱল জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চৌহদত প্ৰতিবাদ কৰিবলৈ দিয়া হৈছিল। কিন্তু ছাত্ৰ-ছাত্ৰীসকলে অনুমতি অবিহনে প্ৰতিবাদী সমদল অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰে। তেওঁ দাবী কৰে যে ছাত্ৰ প্ৰতিনিধিসকলক শিক্ষা মন্ত্ৰালয়ৰ কাৰ্যালয়লৈ যাব পাৰিব বুলি কোৱা হৈছিল। কিন্তু সেই কথা নুশুনি তেওঁলোকে আৰক্ষীৰ বেৰিকেড ভাঙি পেলায়।

শিক্ষাৰ্থীৰ আক্ৰমণত অতিৰিক্ত আৰক্ষী আয়ুক্তকে ধৰি কমেও ৩০ জন আৰক্ষী জোৱান আহত হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে। এই সন্দৰ্ভত বসন্ত কুঞ্জ (উত্তৰ) আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। লগতে ডিচিপিয়ে এই সন্দৰ্ভত ৫১ জন লোকক গ্ৰেপ্তাৰ কৰা বুলিও জানিবলৈ দিয়ে। প্ৰতিবাদকাৰীয়ে আৰক্ষীক ইটা নিক্ষেপ কৰাৰ লগতে কেইবাজনো লোকক কামোৰা বুলিও দাবী কৰে আৰক্ষীয়ে। অৱশ্যে ছাত্ৰ-ছাত্ৰীসকলে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছিল বুলি দাবী কৰে। তেওঁলোকৰ অভিযোগ যে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে “অত্যধিক শক্তি” ব্যৱহাৰ কৰি বহুতক গ্ৰেপ্তাৰ কৰে। লগতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সন্থাৰ সভাপতি অদিতি মিশ্ৰ আৰু প্ৰাক্তন সভাপতি নীতিশ কুমাৰকো আটক কৰি ৰখা হৈছে বুলি জানিবলৈ দিয়ে।

ইপিনে, জেএনইউৰ শিক্ষক সন্থাই ছাত্ৰ-ছাত্ৰীক আক্ৰমণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁলোকৰ দাবী, আৰক্ষীৰ এই আক্ৰমণত কেইবাগৰাকীও মহিলা ছাত্ৰীকে ধৰি বহুকেইজন আহত হয়। লগতে সংগঠনটোৱে দাবী কৰে যে আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীৰ গণতান্ত্ৰিক অধিকাৰত বাধা আৰোপ কৰিছে।

ছাত্ৰ-ছাত্ৰীৰ দাবী মানি লোৱাটো সম্ভৱ নহয় বুলি বিশ্ববিদ্যালয়খনে এক বিবৃতি প্ৰকাশ কৰিছে। একে সময়তে ছাত্ৰ সন্থাই কেম্পাছত ভাঙি-ছিঙি আৰু হিংসাৰ বাবে বহিষ্কৃত ছাত্ৰ-ছাত্ৰীৰ মূল সমস্যাটো সমাধান কৰিব বিচাৰিছে বুলিও অৱগত কৰা হৈছে। নিয়ম অনুসৰি তদন্তৰ অন্তত কেইবাজনকো বহিষ্কাৰ কৰা বুলিও জনোৱা হৈছে। বিবৃতিটোত উপাচাৰ্যৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন হোৱা বুলিও দাবী কৰা হৈছে।