NORTHEAST NOW (Assamese)
অসম

এবছুৰ ৫০ সংখ্যক বাৰ্ষিক সন্মিলনৰ বাবে গঠন কৰা হ’ল অভ্যৰ্থনা সমিতি

Posted by: ৰিনয় বসুমতাৰী September 2, 2018 7:48 pm
IMG-20180902-WA0025

সদৌ বড়ো ছাত্ৰ সন্থাৰ কোকৰাঝাৰ জিলা সমিতিয়ে আজি পাটগাঁওস্থিত বড়োলেণ্ড কমিয়ুনিটি হলত এক বৈঠকত মিলিত হৈ সন্থাৰ ৫০ সংখ্যক বাৰ্ষিক সন্মিলন উপলক্ষে এখন শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়।

উল্লেখযোগ্য যে সন্থাৰ ৫০ সংখ্যক বাৰ্ষিক সন্মিলনখন চলিত বৰ্ষৰ ২১, ২২ আৰু ২৩ ডিচেম্বৰত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে পাটগাঁও হাইস্কুলত অনুষ্ঠিত হ’ব।

এবছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জনক উজিৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আজিৰ এই সভাত ৫০ সংখ্যক বাৰ্ষিক সন্মিলনৰ বাবে অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ হিচাপে মেছৱাৰছিং বসুমতাৰী আৰু আহ্বায়ক হিচাপে জনিল কুমাৰ ব্ৰহ্মক নিৰ্বাচিত কৰে।

আজিৰ এই সভাত বড়ো সাহিত্য সভাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি বাণেশ্বৰ বসুমতাৰী, বিশিষ্ট ব্যক্তি বিজিতগিৰি বসুমতাৰীৰ লগতে পাটগাঁও অঞ্চলৰ বহুতো গণ্য মান্য লোক উপস্থিত থাকে।