NORTHEAST NOW (Assamese)
অসম

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আদৰণি নিখিল বড়ো ছাত্ৰ সন্থাৰ

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী February 3, 2020 7:37 pm
prime-minister-narendra-modi-759-750x375

অহা ৭ ফেব্ৰুৱাৰিৰ অসম ভ্ৰমণলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাইছে নিখিল বড়ো ছাত্ৰ সন্থাই।

যোৱা ২৭ জানুৱাৰিত বি টি আৰ চুক্তি সম্পাদন কৰা বাবে কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ দি আজি সংবাদ মাধ্যমলৈ সংগঠনটোৱে এটা প্ৰেছ বিবৃতি প্ৰেৰণ কৰিছে।

চুক্তিখনক লৈ সংগঠনটো সন্তুষ্ট আৰু ৭ ফেব্ৰুৱাৰিত কোকৰাঝাৰত অনুষ্ঠিতব্য জানক্ৰিথাই ফাথাৰলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰণি জনাইছে, বিবৃতিটোত কোৱা হয়।

“এবছুৱে বিশ্বাস কৰে যে বড়োলেণ্ড অঞ্চলৰ সকলো ৰাইজ আৰু চুক্তিত স্বাক্ষৰকাৰী সংগঠনকেইটাই  মাননীয় প্ৰধান মন্ত্ৰীজনক আদৰণি জনাবলৈ আগ্ৰহেৰে ৰৈ আছে”, সাধাৰণ সম্পাদক লৰেন্স ইছলাৰিৰ দ্বাৰা স্বাক্ষৰিত বিবৃতিটোত কোৱা হৈছে।

তাৰোপৰি বিবৃতিটোত বড়োলেণ্ড অঞ্চলৰ সকলো সম্প্ৰদায়কে এই বি টি আৰ চুক্তি উদযাপন অনুষ্ঠানত ভাগ ল’বলৈ জানক্ৰিথাই ফাথাৰলৈ আহিবলৈ আহ্বান জনাইছে।

এই দিনটো বড়োলেণ্ডৰ বাবে ঐতিহাসিক আৰু তাৎপৰ্য্যপূৰ্ণ দিন হ’বলৈ গৈ আছে বুলি বিবৃতিটোত দাবী কৰে সংগঠনটোৱে।