NORTHEAST NOW (Assamese)

বোকাখাতৰ চি এন বি মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত এ বি ভি পিৰ জয়

August 31, 2018 8:08 am · উত্তম শইকীয়া

বোকাখাতৰ চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ২০১৮-১৯ বৰ্ষৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ চমুকৈ এ বি ভি পিৰ সমৰ্থিত প্ৰাৰ্থীয়ে ছাত্ৰ একতা সভাৰ গৰিষ্ঠ সংখ্যক পদ দখল কৰিবলৈ সক্ষম হয়৷

নিৰ্বাচনৰ ফলাফল অনুসৰি ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদত ৰক্তিম নাথ, আলোচনী সম্পাদক পদত কৌশিক চাণ্ডিল্য, সাংস্কৃতিক সম্পাদক পদত নিহাৰ বৰুৱা, তৰ্ক বিভাগৰ সম্পাদক পদত মিতালী দেৱী, গুৰু ক্ৰীড়া সম্পাদক পদত অনুৰাগ শইকীয়া, লঘু ক্ৰীড়া সম্পাদক পদত গৌৰৱ কূৰ্মীয়ে বিপুল ভোটত জয় লাভ কৰে।

উপৰোক্ত আটাইকেইজন প্ৰাৰ্থীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল৷ এই বিজয়ৰ পাছতে এ বি ভি পিৰ সমৰ্থকসকলে আনন্দত মতলীয়া হৈ পৰা দেখা যায়।

ইফালে ছাত্ৰ একতা সভাখনৰ  উপ সভাপতি পদত মঞ্জুল দলে , সহ.সম্পাদক পদত হৰেন দাস আৰু সমাজ সেৱা বিভাগৰ সম্পাদক পদত মাধুৰ্য গগৈয়ে জয় লাভ কৰে৷ এই তিনিও গৰাকীয়ে এন এছ য়ু আইৰ সমৰ্থিত প্ৰাৰ্থী বুলি জানিব পৰা যায়৷

Related News