NORTHEAST NOW (Assamese)

ট্ৰেক এৰি দৰ্শকৰ পিনে দৌৰিল ৰেচিং কাৰ; আচম্বিত দুৰ্ঘটনাত ৭জনৰ মৃত্যু শ্ৰীলংকাত

April 22, 2024 9:50 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 22, 2024 9:51 am
ফটোঃ সংগ্ৰহীত।

ৰেচৰ ফিল্ডত মৰ্মান্তিক দুৰ্ঘটনা। গাড়ীখন ট্ৰেক এৰি তীব্ৰ গতিৰে দৰ্শকৰ পিনে ঢাল লয়। ইয়াৰ বাবে সংঘটিত দুৰ্ঘটনাৰ ফলত কমেও ৭ জন লোকৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত আছে এগৰাকী ৮ বছৰীয়া কিশোৰী। ইয়াৰ উপৰিও কমেও ২৩ জন লোক আহত হৈছে।

শ্ৰীলংকাৰ ৰাজধানী কলম্বোৰ পৰা ১৮০ কিলোমিটাৰ নিলগত সামৰিক নিয়ন্ত্ৰণত থকা ফক্স হিল চাৰ্কিটত সংঘটিত হৈছে এই ঘটনা। সেনাই আয়োজন কৰা এই ৰেচিং প্ৰতিযোগিতাত সংঘটিত হোৱা কৰুণ দুৰ্ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত এখন গাড়ী ট্ৰেকত ওলোটাকৈ পৰি থকা দেখা গৈছে। কিছুমানে সেই গাড়ীখনৰ ফালে দৌৰিছে। ইয়াৰ পিছত এজন ব্যক্তিয়ে হালধীয়া পতাকা উৰুৱাই আন গাড়ী চালকসকলক গতি লেহেমীয়া কৰাৰ ইংগিত দিয়ে।

লগতে পঢ়কঃ অসুস্থ ৰাহুল গান্ধী, আজি ৰাঁচীৰ ‘ইণ্ডিয়া’ৰ সমাৱেশত উপস্থিত নাথাকিব কংগ্ৰেছ নেতাগৰাকী

কিন্তু তীব্ৰ বেগত অহা গাড়ীয়ে সেই নিৰ্দেশনা মানি চলাৰ সুযোগ নাপালে। ঠিক তেতিয়াই ৰঙা ৰঙৰ গাড়ী এখন পোনে পোনে দৰ্শকৰ ফালে ছিটিকি আহে। ইয়াৰ পিছত ভিডিঅ’টোত মানুহৰ কান্দোনৰ ৰোল শুনা যায়।

শ্ৰীলংকাৰ সেনাৰ সূত্ৰ অনুসৰি, মুঠ ২৭ জন গুৰুতৰভাৱে আহত লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু ইয়াৰে ৭ জনৰ মৃত্যু হয়। শ্ৰীলংকাৰ সেনা প্ৰধান বিকুম লিয়াংগে কয় যে মটৰস্পৰ্টছ জনপ্ৰিয় কৰাৰ বাবে দৰ্শকক বিনামূলীয়াকৈ ফক্স হিল চাৰ্কিটত প্ৰৱেশৰ অনুমতি দিয়া হৈছিল।

তেওঁ দাবী কৰে যে এই প্ৰতিযোগিতা চাবলৈ ১ লাখ লোক সমবেত হৈছিল। কৰ’না মহামাৰী আৰু অৰ্থনৈতিক দৰিদ্ৰতাৰ বাবে যোৱা ৫ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল। তাতেই এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। 

Related News