NORTHEAST NOW (Assamese)
অসম

অন্ত পৰিল সকলো উৎকণ্ঠাৰ; শিৱসাগৰৰ দিখৌত পৰা নাই দুৰ্ঘটনাগ্ৰস্ত গাড়ী

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 28, 2019 1:38 pm
অন্ত পৰিল সকলো উৎকণ্ঠাৰ; শিৱসাগৰৰ দিখৌত পৰা নাই দুৰ্ঘটনাগ্ৰস্ত গাড়ী

অৱশেষত অন্ত পৰিল সকলো উৎকণ্ঠাৰ। শিৱসাগৰৰ দিখৌত পৰা নাই কোনো ধৰণ বাহন এই কথা নিশ্চিত কৰিলে শিৱসাগৰ আৰক্ষীয়ে।

উল্লেখযোগ্য যে শিৱসাগৰৰ গেমন দলঙত পুৱতি নিশা সংঘটিত হৈছিল এক পথ দুৰ্ঘটনা আৰু ঘটনাস্থলীত এখন আই ২০ গাড়ী উদ্ধাৰ হৈছিল। দুৰ্ঘটনাত দুখন গাড়ীৰ মুখামুখি সংঘৰ্ষ হোৱাৰ সন্দেহ কৰিছিল স্থানীয় ৰাইজে।

ইফালে নদীৰ পানীত তেল উপঙি থকা আৰু দলঙৰ ৰেলিঙৰ ৪-৫ টা খুঁটা ভাঙি থকালৈ চাই দুৰ্ঘটনাত পতিত আনখন গাড়ী দিখৌ নদীত পৰি যোৱাৰ সন্দেহ কৰিছিল স্থানীয় ৰাইজে।

ইয়াৰ পিছতে এছ ডি আৰ এফে দিখৌ নদীত গাড়ীখনৰ সন্ধানত উদ্ধাৰ অভিযান চলাইছিল।

শেহতীয়াকৈ দুৰ্ঘটনাগ্ৰস্ত আই ২০ খনৰ দুই আৰোহীয়ে স্পষ্ট কৰে দিখৌত কোনো গাড়ী পৰা নাই বুলি। দলঙৰ ৰেলিঙত খুন্দিওৱাৰ ফলতহে দুৰ্ঘটনাটো সংঘটিত হৈছিল বুলি দুই আৰোহীয়ে উল্লেখ কৰে।