NORTHEAST NOW (Assamese)
অসম

অৱশেষত আঁতৰিল প্ৰশাসনৰ নিষেধাজ্ঞা; পুনৰ মুকলি হ’ল ‘এক’লেণ্ড পাৰ্ক’

Posted by: এন ই নাও নিউজ November 15, 2018 1:03 pm
এক'লেণ্ড

যোৱা ২৪ জুলাইতে কামৰূপ মহানগৰ প্ৰশাসনে অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া মহানগৰীৰ সমীপৰ ৰাণীস্থিত এক’লেণ্ড পাৰ্কখন চাৰি মাহৰ অন্তত বুধবাৰৰ পৰা পুনৰ ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ল।

উল্লেখযোগ্য যে এক’লেণ্ডৰ পানী আৰু অন্যান্য সা-সুবিধা সমূহক লৈ বিভিন্ন সময়ত বিভিন্নজনে অভিযোগ উত্থাপন কৰাৰ পাছত কামৰূপ মহানগৰ প্ৰশাসনে ব্যাপক তৎপৰতাৰে অনুসন্ধান চলাই পাৰ্কখন অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিছিল।

কামৰূপ প্রশাসনে এক’লেণ্ড পাৰ্কত চলোৱা এক অভিযানৰ সময়ত সংগৃহীত পানীৰ নমুনাৰ পৰা এই পানী ব্যৱহাৰৰ বাবে উপযুক্ত নহয় বুলি প্ৰমাণিত হৈছিল। আৰু যাৰ ফলত কামৰূপৰ অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰে পাৰ্কখন বন্ধ কৰি দিয়াৰ দৰে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

শিশুৰ মনোৰঞ্জনস্থলী হিচাপে বিখ্যাত গুৱাহাটী মহানগৰীৰ সমীপৰ ৰাণীস্থিত এক’লেণ্ড পাৰ্কখন পুনৰ মুকলি কৰাক লৈ এতিয়া বিভিন্ন জনে আনন্দ প্ৰকাশ কৰিছে যদিও ভৱিষ্যতে পাৰ্কখনৰ সতৰ্কতা তথা পৰ্যটকৰ সুৰক্ষাক লৈ এক’লেণ্ড কৰ্তৃপক্ষই কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।