NORTHEAST NOW (Assamese)
Popular Stories

স্মৰণীয়-বৰণীয়: পিতৃ-পুত্ৰৰ সম্পৰ্ক কেনেকুৱা হব লাগে? জানি লওক চাণক্য নীতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 11, 2023 7:02 am

আচাৰ্য চাণক্যক বিশ্বৰ শ্ৰেষ্ঠ পণ্ডিতসকলৰ ভিতৰত গণ্য কৰা হয়। তেওঁৰ দ্বাৰা ৰচিত চাণক্য নীতি আজিও যুৱ প্ৰজন্মৰ বহুতে পঢ়ে আৰু অনুসৰণ কৰে। চাণক্য নীতিৰ জৰিয়তে বহুতেই জীৱনত সফলতা লাভ কৰে। সেইবাবেই চাণক্য নীতিক জীৱনৰ দাপোন বুলিও কোৱা হয়। এনে বহু গুণ আচাৰ্য কৌটিল্যৰ নীতিত লুকাই থাকে, যাৰ দ্বাৰা এজন ব্যক্তিয়ে বহু প্ৰতিকূল পৰিস্থিতি সহজেই অতিক্ৰম কৰে।

আচাৰ্য চাণক্যৰ কথা মনত ৰাখি কাম কৰা ব্যক্তিয়ে কেতিয়াও বিফলতাৰ সন্মুখীন হ’ব নালাগে বুলি বিশ্বাস কৰা হয়। চাণক্য নীতিত পিতৃ-পুত্ৰৰ সম্পৰ্ক কেনে হ’ব লাগে সেই বিষয়ে কি কৈছে, জানো আহক-

চাণক্য নীতি জ্ঞান

লালায়েৎ পঞ্চবৰ্ষাণি দশবৰ্ষাণী তাড়য়েৎ।

প্ৰাপ্তে তু ষোড়শে বৰ্ষে পুত্ৰং মিত্ৰবদাচৰেৎ।।

অৰ্থাৎ পুত্ৰক ৫ বছৰলৈকে লালন-পালন কৰিব লাগে। ১০ বছৰলৈকে সম্পূৰ্ণ দৃষ্টি ৰাখিব লাগে। আৰু ১৬ বছৰৰ পাছত তেওঁৰ সৈতে বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে।

এই নীতিৰ জৰিয়তে আচাৰ্য চাণক্যই এজন ব্যক্তিয়ে সময়ে সময়ে পুত্ৰৰ লগত কেনে আচৰণ কৰিব লাগে তাকে কৈছে। যদি পুত্ৰৰ বয়স ৫ বছৰ বা তাতকৈ কম হয় তেন্তে তেওঁক সম্পূৰ্ণ মৰম দিব লাগে আৰু কঠোৰ আচৰণ আৰু কথা-বতৰাৰ পৰা আঁতৰাই ৰাখিব লাগে। এই সময়ত ব্যক্তিজনৰ আচৰণ অতি মধুৰ হ’ব লাগে।

ইয়াৰ পিছত পুত্ৰক ১০ বছৰৰ বাবে তাড়ণ কৰিব লাগে। ইয়াত তাড়ণ শব্দৰ অৰ্থ হ’ল যত্ন, অৰ্থাৎ সকলো বস্তুতে পিতৃৰ চকু থাকিব লাগে। মৰম আৰু মৰমৰ শাসনৰ মাজেৰে জীৱনৰ শিক্ষা দিব লাগে।

আনহাতে, যেতিয়া পুত্ৰই ১৬ বছৰ বয়স লাভ কৰে তেতিয়া তেওঁক বন্ধুৰ দৰে ব্যৱহাৰ কৰা উচিত আৰু জীৱনৰ সকলো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা উচিত। এনে কৰিলে পুত্ৰৰ উজ্জ্বল ভৱিষ্যতৰ সপোন পূৰণ হ’ব পাৰে।