NORTHEAST NOW (Assamese)

ত্যাগ কৰক এই ৭টা বস্তু, অচিৰেই আহিব সফলতা! শিক্ষাৰ্থীসকলক উদ্দেশ্যি কৈছিল চাণক্যই

June 22, 2024 2:50 pm · এন ই নাও নিউজ, গুৱাহাটী

চাণক্য আছিল এজন অৰ্থনীতিবিদ, দাৰ্শনিক আৰু ৰাজ উপদেষ্টা তথা অৰ্থশাস্ত্ৰ নামৰ ৰাজনীতি বিজ্ঞানৰ বিখ্যাত গ্ৰন্থখনৰ লেখক। তেওঁ প্ৰাচীন ভাৰতৰ অন্যতম শ্ৰেষ্ঠ জ্ঞানী ব্যক্তি আছিল। তেওঁৰ বিভিন্ন দৃষ্টিভংগী আৰু আদৰ্শই সমাজখনক আজিও বহু দিশত প্ৰভাৱিত কৰিছে।

চানক নামৰ গাঁৱৰ ব্ৰাহ্মণ পৰিয়ালত জন্মগ্ৰহণ কৰা চাণক্যই তেওঁৰ গ্ৰন্থত সমাজৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰিছে। এজন পুৰুষে জীৱনটো কেনেদৰে কটাব লাগে সেই দিশটোও তেওঁ উল্লেখ কৰে।

চাণক্যই সাতটা কথা উল্লেখ কৰিছে যিবোৰ শিক্ষাৰ্থীয়ে অবিলম্বে ত্যাগ কৰিব লাগে। যদি শিক্ষাৰ্থীয়ে এই সাতটা বস্তু পৰিত্যাগ কৰিব পাৰে তেন্তে সফলতা  আহিবই।

আচাৰ্য চাণক্যৰ মতে প্ৰতিজন শিক্ষাৰ্থীয়ে এলাহ ত্যাগ কৰিব লাগে। এলাহ এটা ৰোগ। প্ৰতিজন শিক্ষাৰ্থীয়ে এলাহৰ পৰা আঁতৰি থাকিব লাগে।

শিক্ষাৰ্থীসকলে খং কমাব লাগে। খঙে মানসিক অস্থিৰতাৰ সৃষ্টি কৰে।

অতিমাত্ৰা টোপনি শিক্ষাৰ্থীৰ বাবে বাঞ্ছনীয় নহয়। দিনটোত সাতৰ পৰা আঠ ঘণ্টা টোপনি হলেই যথেষ্ট। অত্যধিক টোপনিয়ে শিক্ষাৰ্থীৰ জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে।

প্ৰতিজন শিক্ষাৰ্থীয়ে শিক্ষকক সন্মান কৰিব লাগে। শিক্ষকক অপমান কৰা শিক্ষাৰ্থীয়ে সফলতা লাভ কৰিব নোৱাৰে।

আচাৰ্য চাণক্যই কয় যে পিতৃ-মাতৃ ঈশ্বৰৰ সমান। গতিকে পিতৃ-মাতৃক কেতিয়াও অপমান কৰা উচিত নহয়। তেওঁলোকক ঈশ্বৰ জ্ঞান কৰি পূজা কৰা উচিত।

প্ৰতিজন শিক্ষাৰ্থীয়ে তপস্বী জীৱন যাপন কৰিব লাগে। বিনোদন, আড্ডা আদি ত্যাগ কৰিলেহে সফলতা আহিব।

সফলতাৰ বাটত লোভ থিয় বাধা হৈ থিয় দিয়ে। গতিকে প্ৰতিজন শিক্ষাৰ্থীয়ে লোভ ত্যাগ কৰিব লাগে।

Related News