NORTHEAST NOW (Assamese)

এইবোৰ দিশত নাৰী পুৰুষতকৈ বহু আগত! আচাৰ্য চাণক্যই কি কৈছে জানি লওক

June 16, 2023 7:12 am · এন ই নাও নিউজ, গুৱাহাটী

আচাৰ্য চাণক্য আছিল এজন মহান ভাৰতীয় ৰাজনীতিবিদ, কূটনীতিবিদ, অৰ্থনীতিবিদ। আনকি, জীৱনৰ সকলো দিশ গভীৰভাৱে অধ্যয়ন কৰাৰ উপৰিও জনসাধাৰণৰ সঠিক জীৱন-ধাৰণৰ পদ্ধতিৰ বিষয়েও তেওঁ এটা শুদ্ধ ধাৰণা দিছিল। এই ক্ষেত্ৰত চাণক্যৰ ব্যৱহাৰিক চিন্তাধাৰাৰ ওপৰত ভিত্তি কৰি লিখা কথাবোৰক বৰ্তমান সময়ৰ প্ৰেক্ষাপটতো “চিৰন্তন সত্য” বুলি গণ্য কৰা হয়।

আচাৰ্য চাণক্যই দিয়া নীতি-নিয়মবোৰ যদি এজন ব্যক্তিয়ে নিজৰ জীৱনত পালন কৰে, তেন্তে তেওঁ জীৱনত যথেষ্ট উন্নতি সাধন কৰিবলৈ সক্ষম হ’ব বুলি বিশ্বাস কৰা হয়। ইয়াৰ উপৰিও চাণক্যই নাৰীৰ আচৰণ আৰু মনোভাৱৰ ওপৰত নিজৰ মতামত ব্যক্ত কৰে।

মূলতঃ নাৰীক ভালদৰে বুজিবলৈ হ’লে তেওঁলোকৰ মনটো বুজি পোৱাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ। এই প্ৰসংগত আচাৰ্য চাণক্যই তেওঁৰ নীতি গ্ৰন্থত নাৰীৰ কিছুমান ইচ্ছাৰ কথা কৈছে যিবোৰ তেওঁলোকে সাধাৰণতে প্ৰকাশ নকৰাকৈয়ে মনৰ মাজত লুকুৱাই ৰাখে। ইয়াৰ উপৰিও চাণক্যই তেওঁৰ নীতিত পুৰুষ-মহিলাৰ মতাদৰ্শগত পাৰ্থক্যৰ বিষয়টোও উত্থাপন কৰিছিল।

স্ত্ৰীণাং দ্বিগুণ আহাৰো লজ্জা চাপি চতুৰ্গুণা।

সাহসং ষড্গুণং চৈৱ কামাশ্চাষ্টগুণঃ স্মৃতঃ ॥

এই শ্লোকৰ যোগেদি চাণক্যই নাৰীৰ চাৰিটা বিশেষ গুণৰ কথা কৈছে। য’ত তেওঁলোক পুৰুষতকৈ আগবাঢ়ি আছে।

১. চাণক্যৰ মতে পুৰুষতকৈ মহিলাই বেছিকৈ খাবলৈ ভাল পায়। কোৱা হয় যে মহিলাৰ শৰীৰৰ গঠন এনেকুৱা যে পুৰুষতকৈ অধিক শক্তিৰ প্ৰয়োজন হয়। এই পৰিস্থিতিত চাণক্যই কয় যে পুৰুষতকৈ মহিলাসকলে বেছি ভোক অনুভৱ কৰে।

২. চাণক্যৰ মতে পুৰুষতকৈ নাৰীৰ বুদ্ধিয়ে বেছি বেগেৰে কাম কৰে। অৰ্থাৎ পুৰুষতকৈ তেওঁলোক অধিক বুদ্ধিমান আৰু চতুৰ। যাৰ জৰিয়তে নাৰীয়ে সহজে বিভিন্ন সমস্যা দূৰ কৰিব পাৰে।

৩. চাণক্যই তেওঁৰ শ্লোকটোত আৰু কৈছে যে পুৰুষতকৈ নাৰী অধিক সাহসী। যদিও সাধাৰণ মানুহে নাৰীতকৈ পুৰুষ সাহসী বুলি ভাবে।

৪. চাণক্যৰ মতে পুৰুষতকৈ মহিলাই অধিক কাম কৰিবলৈ সক্ষম। তেওঁৰ মতে পুৰুষতকৈ মহিলাই ৮ গুণ বেছি কাম কৰিব পাৰে।

Related News