NORTHEAST NOW (Assamese)

বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰা বাবে লখিমপুৰত যুৱকে এচিডেৰে আক্ৰমণ কৰিলে যুৱতীক

October 8, 2018 10:20 pm · এন ই নাও নিউজ
Updated: October 9, 2018 8:12 am
এচিড আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত পাপ্পু বৰা

আজি লখিমপুৰ জিলাত সংঘটিত হৈছে এক জঘন্য কাণ্ড। জিলাখনৰ বান্দৰদেৱাত দুপৰীয়া এগৰাকী কলেজীয়া ছাত্ৰীক দুজন যুৱকে এচিডেৰে আক্ৰমণ কৰা ঘটনাই সমগ্ৰ জিলাখনতে এক তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে শংকৰদেৱ মহাবিদ্যালয়ৰ ছাত্ৰী গৰাকী কলেজৰ পৰা ঘৰলৈ উভটি আহি থকাৰ পথতে বান্দৰদেৱাৰ পাথলি পাহাৰৰ ওচৰত দুই যুৱকে এচিডেৰে আক্ৰমণ কৰে। এল্ট’ গাড়ীৰে অহা যুৱকদ্বয়ৰ এচিড আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ছাত্ৰীগৰাকীক সম্প্ৰতি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা যায়।

উল্লেখযোগ্য যে আহত ছাত্ৰীগৰাকীয়ে আক্ৰমণকাৰী দুজনৰ এজনক চিনাক্ত কৰিছে। ইফালে ছাত্ৰীগৰাকীয়ে বিবাহৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই এনেধৰণৰ অমানৱীয় কাণ্ড সংঘটিত কৰা বুলি পৰিয়ালৰ লোকে যুৱকজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে।

আনহাতে এচিড কাণ্ড সংঘটিত হোৱাৰ পাছতে কলেজৰ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় লোকসকলে পাথলি পাহাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ত কৰিবলৈ আৰক্ষীক দাবী জনায়। আৰক্ষীয়েও লগে লগে ঘটনাৰ তদন্ত আৰম্ভ কৰি ঘটনাৰ সৈতে জড়িত পাপ্পু বৰা নামৰ মূল অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

ইয়াৰ উপৰি ‘বৰ্তমান এচিড আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত জনৰ পৰা অধিক তথ্য সংগ্ৰহৰ বাবে জেৰা অব্যাহত ৰখা বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

Related News