NORTHEAST NOW (Assamese)
অসম

আকৌ চোৰাং চিকাৰ : নগাঁৱত খৰ্গসহ গ্ৰেপ্তাৰ দুই চোৰাং ব্যৱসায়ী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 28, 2023 8:57 am
আকৌ চোৰাং চিকাৰ : নগাঁৱত খৰ্গসহ গ্ৰেপ্তাৰ দুই চোৰাং ব্যৱসায়ী

ৰাজ্যত গড় হত্যা ৰোধ কৰা হৈছে বুলি প্ৰচাৰ চলাই থকাৰ মাজতে বৃহস্পতিবাৰে ৰূপহীহাট আৰক্ষীয়ে এটা খৰ্গসহ দুজন চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়াকৈ সংঘটিত হোৱা গড় চিকাৰৰ চিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ নগাঁও আৰক্ষীয়ে ব্যাপক অভিযান চলাইছিল।

জানিব পৰা মতে নগাঁও আৰক্ষীয়ে ৰূপহীহাটৰ পৰা গ্ৰেপ্তাৰ কৰা ধৃত সৰবৰাহকাৰী কেইজন মণিৰুল ইছলাম, ইকবাল হুছেই।

ইফালে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চলোৱা অভিযানত বৃহস্পতি বাৰে নাগালেণ্ডৰ পৰা পলায়ন কৰা এজন গঁড় চিকাৰীক গ্ৰেপ্তাক কৰা হৈছে।

অসম চৰকাৰৰ অনুৰোধত চিবিআইয়ে গঁড়ৰ চোৰাং চিকাৰৰ লগত জড়িত পাঁচজন অভিযুক্তৰ বিৰুদ্ধে অভিযান চলাইছিল বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে।

এই অভিযানৰ সময়ত চিবিআইয়ে ডিমাপুৰৰ লোমিথি অঞ্চলৰ পৰা পলায়ন কৰা এজন গঁড় চিকাৰীক গ্ৰেপ্তাৰ কৰে।

ডিমাপুৰত গ্ৰেপ্তাৰ কৰা চিকাৰীজনৰ নাম ৰাইডাং এংটি বুলি জানিব পৰা গৈছে। আটকাধীন গঁড় চিকাৰীজনক ডিমাপুৰৰ আদালতত হাজিৰ কৰোৱা হ’ব।