NORTHEAST NOW (Assamese)
অসম

ডিমা হাছাওত সক্ৰিয় ক’ভিড ৰোগী হ্ৰাস, লকডাউন বৃদ্ধি নকৰাৰ সম্ভাৱনা

Posted by: পংকজ কুমাৰ দেব Updated by: পংকজ কুমাৰ দেব July 16, 2020 11:05 pm
Covid19: Recoveries cross 1.5 lakh-mark in Assam on Saturday

পাহাৰীয়া ডিমা হাছাও জিলাত সক্ৰিয় ক’ভিড-১৯ ৰোগীৰ সংখ্যা হ্ৰাস পাইছে।

জানিব পৰা মতে পাহাৰীয়া জিলাখনত লকডাউন বৃদ্ধি নকৰাৰ সম্ভাৱনা আছে।

জিলাখনত চলিত ১৪দিনীয়া লকডাউন অহা সোমবাৰে অন্ত পৰিব।

শেহতীয়াকৈ পোৱা তথ্য অনুসৰি জিলাখনত বৰ্তমান সক্ৰিয় ক’ভিড ৰোগী ১১গৰাকী।

জিলাখনত এতিয়ালৈকে চিনাক্ত মুঠ ক’ভিড পজিটিভ আক্ৰান্তৰ সংখ্যা ১৩৭।

ইয়াৰে ১২৬গৰাকী সুস্থ হৈ ঘৰলৈ উভতি গৈছে।

উল্লেখনীয় যে ডিমা হাছাও জিলাত দ্বিতীয়বাৰৰ কাৰণে লকডাউন দিয়াৰ ঠিক তিনি, চাৰিদিন আগতে নতুনকৈ আঠগৰাকী ব্যক্তি ক’ভিড পজিটিভ চিনাক্ত হৈছিল।

ইয়াৰ ভিতৰত দুগৰাকী কুৱাৰেণ্টিন চেন্টাৰৰ পৰা অহাৰ বিপৰীতে বাকী ছগৰাকী আন লোক আছিল।

এই ঘটনাৰ পাছত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ চিইএম দেব’লাল গার্লছা আৰু স্বাস্থ্য বিভাগৰ ইএম চেমুৱেল চাংছানে ততাতৈয়াকৈ পৰিষদ সদস্য সকলৰ সৈতে বৈঠকত মিলিত হয়।

এই বৈঠকৰ পাছত ৩ জুলাই পাৰ্বত্য পৰিষদ কৰ্তৃপক্ষৰ উপৰি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়ববীয়াৰ উপস্থিতিত দ্বিতীয় বৈঠকত লকডাউনৰ প্ৰস্তাৱ গ্ৰহণ কৰি জিলা উপায়ুক্ত পল বৰুৱাই চৰকাৰলৈ প্ৰেৰণ কৰে।

ইএম চাংছানে কয় জিলাৰ সাধাৰণ ৰাইজ, স্বাস্থ্য কৰ্মী, প্ৰশাসন যন্ত্ৰৰ উপৰি চিইএমৰ কঠোৰ পদক্ষেপ, সতীৰ্থ পৰিষদ সদস্যসকলৰ সহযোগ আৰু সংবাদ মাধ্যমৰ ভূমিকাৰ প্রশংসা কৰে।