NORTHEAST NOW (Assamese)
দেশ

ইজৰাইলৰ গাজা আক্ৰমণত আমেৰিকাৰ ভূমিকাৰ প্ৰতিবাদঃ ৰেমন মেগছেছে বঁটা ঘূৰাই দিলে সমাজ কৰ্মী সন্দীপ পাণ্ডেয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 3, 2024 8:09 pm
Sandeep Pandey Israeli attack in Gaza

পেলেষ্টাইনৰ গাজাত চলি থকা ইজৰাইলৰ নৃশংস আক্ৰমণত আমেৰিকাৰ ‘ভূমিকা’ৰ প্ৰতিবাদ স্বৰূপে সন্মানীয় ৰমন মেগছেছে বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্ত ঘোষণা কৰিছে সমাজ কৰ্মী সন্দীপ পাণ্ডেয়ে।

ছ’চিয়েলিষ্ট পাৰ্টি (ভাৰত)ৰ সৈতে জড়িত পাণ্ডেয়ে লগতে আমেৰিকাৰ বিশ্ববিদ্যালয়ৰ পৰা লাভ কৰা দ্বৈত স্নাতকোত্তৰ ডিগ্ৰী ঘূৰাই দিব বুলিও ঘোষণা কৰিছে।

এক বিবৃতি যোগে তেওঁ পেলেষ্টাইনী নাগৰিকৰ বিৰুদ্ধে চলি থকা আক্ৰমণত ইজৰাইলৰ প্ৰতি আমেৰিকাই সমৰ্থন আগবঢ়োৱাত বিষোদগাৰ প্ৰকাশ কৰে।

বিবৃতিটোত তেওঁ কয় যে পেলেষ্টাইনী নাগৰিকৰ বিৰুদ্ধে আক্ৰমণত ইজৰাইলক প্ৰকাশ্যভাৱে সমৰ্থন কৰা আমেৰিকাৰ ভূমিকাই তেওঁৰ বাবে ৰমন মেগছেছে বঁটা অসহ্যকৰ হৈ পৰিছে।

এই আক্ৰমণত ২১,৫০০ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু এতিয়াও আমেৰিকাই ইজৰাইলক অস্ত্ৰ বিক্ৰী কৰি আছে বুলি সন্দীপ পাণ্ডেয়ে ক্ষোভ প্ৰকাশ কৰে আৰু সেয়ে বঁটাটো ঘূৰাই দিয়াৰ সিদ্ধান্ত লয়।

মেগছেছে বঁটাৰ উপৰিও পাণ্ডেয়ে ছাইৰাকিউজ বিশ্ববিদ্যালয়ৰ পৰা গ্ৰহণ কৰা মেনুফেকচাৰিং আৰু কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ দ্বৈত এম এছ চি ডিগ্ৰী আৰু বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ পৰা গ্ৰহণ কৰা মেকানিকেল ইঞ্জিনিয়াৰিঙৰ পি এইচ ডি ডিগ্ৰী ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে।

পাণ্ডেয়ে লগতে অভিযোগ কৰে যে আমেৰিকাই মানৱ অধিকাৰক আটাইতকৈ বেছি সন্মান কৰে আৰু মত প্ৰকাশৰ সৰ্বোত্তম স্বাধীনতা প্ৰদান কৰে যদিও এয়া কেৱল দেশখনৰ ভিতৰতহে সত্য।

আন্তঃৰাষ্ট্ৰীয় বিষয়ত, বিশেষকৈ ইজৰাইল-পেলেষ্টাইন সংঘাতৰ ক্ষেত্ৰত আমেৰিকাৰ স্থিতিৰ পৰাই দেশখনৰ এই দুমুখীয়া চৰিত্ৰ প্ৰকাশ পোৱা বুলি সমাজ কৰ্মীগৰাকীয়ে লগতে দোহাৰে।

ইজৰাইলক পেলেষ্টাইনীসকলৰ বিৰুদ্ধে আগ্ৰাসন অব্যাহত ৰাখিবলৈ উৎসাহিত কৰাৰ বাবে আমেৰিকা এককভাৱে দায়ী বুলিও দাবী কৰে পাণ্ডেয়ে।

তেওঁ লগতে পেলেষ্টাইনৰ সাৰ্বভৌম ৰাষ্ট্ৰ গঠনৰ প্ৰতি সমৰ্থন আগবঢ়াই আৰু সংঘাত সমাধানৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ স্বীকৃতিৰো আহ্বান জনায়।