NORTHEAST NOW (Assamese)

৮২ উৰ্দ্ধৰ বিশিষ্ট কবি-সামাজিক কৰ্মী ভাৰাভাৰ ৰাওক জামিন প্ৰদান বুম্বাই উচ্চ ন্যায়ালয়ৰ

February 23, 2021 7:52 pm · এন ই নাও নিউজ
Updated: February 23, 2021 7:53 pm

মংগলবাৰে বিশিষ্ট কবি তথা সমাজকৰ্মী ভাৰাভাৰ ৰাৱৰ জামিন মঞ্জুৰ কৰিছে বুম্বে উচ্চ ন্যায়ালয়ে।

বুম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে চিকিৎসাজনিত কাৰণত ৮২ উৰ্দ্ধৰ বিশিষ্ট কবি আৰু সামাজিক কৰ্মীজনক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে।

ছমাহৰ বাবে লাভ কৰা এই জামিনত ৰাওক ন্যায়ালয়ে কেতবোৰ চৰ্ত আৰোপ কৰা বুলিও জানিব পৰা গৈছে। যিবোৰ চৰ্ত তেওঁ জামিনকালীন অৱস্থাত মানি চলিব লাগিব।

মংগলবাৰে ন্যায়াধীশ স্বপ্না যোশীৰ বিচাৰপীঠে জামিন প্ৰদান কৰা ৰাওক ২০১৬ৰ সুৰজগড় লো খনি অগ্নিকাণ্ডৰ ঘটনাত মাওবাদীৰে সংযোগ থকাৰ অভিযোগত যোৱা ২০১৯ চনৰ ফেব্ৰুৱাৰিৰ মাহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল। আৰু বৰ্তমান NIAএ এই গোচৰটো তদন্ত কৰি আছে।

ইফালে ৰাৱে কাৰাগাৰত দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আহিছে আৰু তেওঁৰ অধিবক্তাই যোৱা কেবামাহৰ পৰা চিকিৎসাজনিত কাৰণত ৰাওৰ জামিন আবেদন কৰি আহিছিল।

গুৰুতৰভাৱে অসুস্থ ৰাওক ইতিমধ্যে হাস্পতালত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হৈছে।

Related News