NORTHEAST NOW (Assamese)
Popular Stories

দুগৰাকী মহিলাক ধৰ্ষণ কৰাৰ অপৰাধত জনপ্ৰিয় অভিনেতাক ৩০ বছৰৰ কাৰাদণ্ড

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 9, 2023 12:31 pm

হলিউডৰ জনপ্ৰিয় অভিনেতা ডেনি মাষ্টাৰছনক দুগৰাকী মহিলাক ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত কৰি ৩০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে। বৃহস্পতিবাৰে লছ এঞ্জেলছ উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰে।

বাতৰি অনুসৰি, ২০০৩ চনত অভিনেতাগৰাকীয়ে হলিউড হিলছৰ ঘৰত ২৩ আৰু ২৮ বছৰীয়া দুগৰাকী মহিলাক ড্ৰাগছ সেৱন কৰি ধৰ্ষণ কৰিছিল। তেওঁলোকে ডেনিৰ বিৰুদ্ধে ধৰ্ষণৰ গোচৰ ৰুজু কৰে। যোৱা মে’ মাহৰ শুনানিৰ সময়ত আদালতত এই অভিযোগ প্ৰমাণিত হৈছিল।

লগতে পঢ়ক: বনকৰা মহিলাক অকথ্য নিৰ্যাতন: পলাতক আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ আত্মসমৰ্পন, গ্ৰেপ্তাৰ আৰক্ষীৰ

ন্যায়াধীশ চাৰ্লিন ওমেডোৰ ৰায়দানৰ পিছতে অভিনেতাগৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ উপৰিও ডেনিৰ প্ৰাক্তন প্ৰেমিকাইও অভিযোগ কৰিছিল যে ডেনিয়ে ২০০১ চনত তেওঁক ধৰ্ষণ কৰিছিল। কিন্তু তেওঁৰ অভিযোগ প্ৰমাণিত নহ’ল।

২০১১ চনত ডেনিয়ে অভিনেত্ৰী বিজো ফিলিপছৰ সৈতে বিবাহপাশত আবদ্ধ হয়। আদালতত উপস্থিত আছিল পত্নী বিজোও। ৰায়দানৰ পিছত তেওঁ কান্দোনত ভাঙি পৰে। কিন্তু গোটেই শুনানিৰ সময়ছোৱাত ডেনি সম্পূৰ্ণ নিৰৱ হৈ আছিল। অৱশ্যে আৰম্ভণিৰে পৰাই তেওঁ নিজক নিৰ্দোষী বুলি দাবী কৰি আহিছে।