NORTHEAST NOW (Assamese)
অসম

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 7, 2025 3:33 pm

তেলেগু ছুপাৰষ্টাৰ তথা ‘বাহুবলী’ৰ পৰিচালক এছ এছ ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবু পুনৰ আইনী সমস্যাত সোমাই পৰিছে। এপ্ৰিল মাহত নিৰ্মাণ প্ৰতিষ্ঠান ‘ছাই সূৰ্য্য ডেভেলপাৰ্ছ’ গ্ৰুপ অবৈধ ধন সৰবৰাহৰ গোচৰত জড়িত হৈ পৰে।

বাতৰি অনুসৰি, হায়দৰাবাদৰ এজন চিকিৎসকে কোম্পানীটোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। এই গ্ৰুপটোৱে তেওঁক ৩৪.৮ লাখ টকাত বিক্ৰী কৰা মাটিৰ অস্তিত্বই নাই বুলি অভিযোগ কৰে চিকিৎসকগৰাকীয়ে। মহেশ বাবুক এই গোচৰত অন্তৰ্ভুক্ত কৰা হৈছে।

বিভিন্ন প্ৰতিবেদন অনুসৰি মহেশ বাবুৱে কোম্পানীটোৰ পৰা চেক আৰু নগদ ধনকে ধৰি প্ৰায় ৫.৯ কোটি টকা লৈছিল। অভিনেতাগৰাকী বা তেওঁৰ টীমে এই সন্দৰ্ভত এতিয়ালৈকে কোনো ৰাজহুৱা বক্তব্য দিয়া নাই।

সংবাদ সংস্থাৰ বাতৰি অনুসৰি ‘ছাই সূৰ্য্য ডেভেলপাৰ্ছ’ৰ স্বত্বাধিকাৰী কাঞ্চাৰলা সতীশ চন্দ্ৰ গুপ্তাৰ বিৰুদ্ধে বজাৰৰ পৰা ধন লৈ ‘গ্ৰীণ মিড’ছ’ নামৰ প্ৰকল্প এটা নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু প্ৰকল্পটো কাৰ্যকৰী নহ’ল।

মহেশ বাবুক শেষবাৰৰ বাবে ডাঙৰ পৰ্দাত দেখা গৈছিল ২০২৩ চনৰ ছুপাৰহিট ছবি ‘গুন্তুৰ কাৰম’ত। এছ এছ ৰাজামৌলিৰ পৰৱৰ্তী ছবিত মহেশক প্ৰিয়ংকা চোপ্ৰা  আৰু মালয়ালমৰ অভিনেতা-পৰিচালক পৃথ্বীৰাজ সুকুমাৰনৰ বিপৰীতে দেখা যাব। ‘বাহুবলী’, ‘আৰ আৰ আৰ’কে ধৰি বহুকেইখন হিট ছবিৰ চিত্ৰনাট্যকাৰ ৰাজামৌলিৰ পিতৃ বিজয়েন্দ্ৰ প্ৰসাদে এই ছবিখনৰ কাহিনী লিখিছে।