NORTHEAST NOW (Assamese)
Popular Stories

ফ্ৰীতে পাই টেটুলৈকে গিলিলে : মদ খাই অচেতন অভিনেতা মনোজ বাজপেয়ী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 18, 2023 5:52 pm

এইবাৰ পোহৰলৈ আহিছে বলিউডৰ প্ৰতিভাশালী অভিনেতা মনোজ বাজপেয়ীৰ জীৱনৰ আন এক অধ্যায়। সদায় বলিষ্ঠ অভিনয়ৰ বাবে চৰ্চাত থকা মনোজ বাজপেয়ী এইবাৰ চৰ্চালৈ আহিছে আন এক আমোদজনক কাৰণত।

অভিনেতা জনৰ এই খবৰ প্ৰকাশ পাইছে এটি বিশেষ সাক্ষাৎকাৰত। এই কথা খোদ নিজেই মুকলিকৈ সদৰী কৰিলে অভিনেতাগৰাকীয়ে।

অভিনেতাগৰাকীয়ে এবাৰ পেৰিচৰ পৰা উভটি আহোঁতে বিমানত ইমানেই সুৰা পান কৰিছিল যে সুৰাৰ নিচাত মাতাল অভিনেতাগৰাকী বিমানতে অচেতন হৈ পৰিছিল।

মনোজ বাজপেয়ীয়ে সাক্ষাৎকাৰটোত কয়, “মই তেতিয়া থিয়েটাৰ কৰিছিলোঁ। নাটকৰ এটা কাৰ্যসূচীত আমাৰ দলটোক পেৰিছলৈ পঠিওৱা হৈছিল। সেইটোৱেই আছিল মোৰ প্ৰথম বিদেশ ভ্ৰমণ। পেৰিচলৈ যোৱাৰ বাটত বিমানত নামীদামী মদবোৰ দেখি খাবলৈ মন গৈছিল। কিন্তু হাতত পইচা নথকাৰ বাবে খাব পৰা নাছিলোঁ। কিন্তু পেৰিচত গৈ হে গম পাইছিলোঁ যে বিমানত মদ বিনামূল্যে খাব পাৰি।”

অৱশ্যে ঘূৰি অহাৰ সময়ত এই ভুল নকৰিলে অভিনেতাগৰাকীয়ে। পেৰিচৰ পৰা ভাৰতলৈ ঘূৰি অহা বিমানত টেটুলৈকে মদ গিলিলে অভিনেতাগৰাকীয়ে। তেওঁ ফ্ৰীতে পাই ইমানেই সুৰা সেৱন কৰিলে যে নিচাত বিমানতে অচেতন হৈ পৰিল তেওঁ।

কিন্তু বিমানে অৱতৰণ কৰাৰ পিছত তেওঁক কেনেকৈ বিমানৰ পৰা নমাই অনা হ’ল সেয়া তেওঁ নিজেই নাজানিলে। হয়তোত তেওঁলোকৰ থিয়েটাৰৰ সদস্য সকলে অচেতন হৈ থকা অভিনেতাগৰাকীক সুৰক্ষিতভাবে বিমানৰ পৰা নমাই আনিছিল। সেই কাহিনী এতিয়া মানুহৰ মুখত প্ৰচাৰিত হৈছে।

উল্লেখ্য যে শেষবাৰৰ বাবে অভিনেতা গৰাকীক শৰ্মিলা ঠাকুৰৰ সৈতে ‘গুলমোহৰ’ ছবিত দেখা গৈছিল। তাতো তেওঁ অভিনয়ে যথেষ্ট সমাদৰ লাভ কৰিছিল। ৩ মাৰ্চত অ’টিটিত মুক্তি পাইছিল এই ছবিখনে।