NORTHEAST NOW (Assamese)
Popular Stories

দল পিছত, আগত মণিপুৰ : ক্ষোভ উজাৰি বিজেপি এৰিলে অভিনেতা ৰাজকুমাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 29, 2023 6:48 pm

মণিপুৰত শান্তি-শৃংখলা ঘূৰাই অনাত ব্যৰ্থ হ’ল বিজেপি চৰকাৰ। মণিপুৰৰ জনপ্ৰিয় অভিনেতা ৰাজকুমাৰ কাইকুৱে বীৰেণ সিং চৰকাৰৰ নিষ্ক্ৰিয়তাৰ বাবে হতাশ হৈ বিজেপি ত্যাগ কৰে। 

বৃহস্পতিবাৰে কাইকুৱে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰি দলৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰাৰ বিষয়ে অৱগত কৰে। 

সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি বিজেপি নেতৃত্বই বাৰে বাৰে কাইকুক দলত থাকিবলৈ অনুৰোধ জনাইছে যদিও অভিনেতাগৰাকীয়ে নিজৰ স্থিতিৰ পৰা লৰচৰ হোৱা নাই।

মণিপুৰৰ বিজেপি চৰকাৰে ৰাজ্যত বিতৰ্কিত সশস্ত্ৰ বাহিনীৰ বিশেষ প্ৰতিৰোধ আইন (AFSPA) আৰু ৬ মাহৰ বাবে অক্ষুণ্ণ ৰখাৰ কথা ঘোষণা কৰিছে।  গেৰুৱা চৰকাৰৰ এই সিদ্ধান্তৰ পিছত বুধবাৰে সন্ধিয়া কাইকুৱে কয় , “মণিপুৰৰ ৰাইজ মোৰ  বাবে প্ৰথম অগ্ৰাধিকাৰ দিয়া হ’ব, দলৰ কথা পিছত আহিব । গতিকে এই কঠিন সময়ত  মই ৰাজ্যবাসীৰ কাষত থিয় দিব বিচাৰিছোঁ। চাৰি মাহতকৈ অধিক সময় ধৰি ৰাজ্যত চলি থকা গোষ্ঠীগত হিংসা ৰোধ কৰি ৰাজ্যলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে চৰকাৰে এতিয়ালৈকে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰা নাই। ই বৰ বেদনাদায়ক।”

কাইকুৱে লগতে কয়, ‘‘মই ভাবিছিলো বিজেপিৰ ট্ৰিপুল ইঞ্জিন চৰকাৰে কেন্দ্ৰৰ লগতে ৰাজ্যলৈও উল্লেখযোগ্য পৰিৱৰ্তন কঢ়িয়াই  আনিব। ঠিক সেইবাবেই মই বিজেপিত যোগদান কৰিলোঁ। আনকি পৰ্যটনৰ দৰে কেইবাটাও খণ্ডতো মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ চৰকাৰে উল্লেখযোগ্য পৰিৱৰ্তন আনিছে। গতিকে মই ভাবিলোঁ, মণিপুৰৰ এই কঠিন সময়ত দলৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজ্যৰ কাষত থিয় দিব আৰু অতি সহজে ৰাজ্যৰ স্বাভাৱিক সুস্থ আৰু শান্তিপূৰ্ণ জনজীৱন ঘূৰাই আনিব। মই তেওঁলোকক বিশ্বাস কৰিছিলোঁ। কিন্তু ৰাজ্যবাসীৰ দুৰ্দশাৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ কেন্দ্ৰীয় নেতৃত্বই মণিপুৰ এৰাই চলিছে।”

উল্লেখ্য যে বিগত কেইমাহমানৰ পৰা নিৰুদ্দেশ হৈ থকা মণিপুৰৰ দুগৰাকী শিক্ষাৰ্থীৰ মৃত্যুৰ কথা শেহতীয়াকৈ ৰাজ্যখনৰ  প্ৰশাসনে সদৰী কৰিছে। এই ঘটনায়ো অভিনেতাগৰাকীক বিজেপি এৰাত ইন্ধন যোগাইছে বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।