NORTHEAST NOW (Assamese)
অসম

ভাগ্যৰ পৰিহাস! সপোন আছিল আই এ এছ অফিচাৰ হোৱাৰ কিন্তু… কোন এইগৰাকী অভিনেত্ৰী?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 20, 2025 12:15 pm

২০১৩ চনত মুক্তি পোৱা ব্লকবাষ্টাৰ চিনেমা ‘মাদ্ৰাছ কেফে’ত জন আব্ৰাহামৰ সৈতে অভিনয় কৰিছিল অভিনেত্ৰী ৰাশি খান্নাই। কিন্তু, ৰাশিৰ কেতিয়াও অভিনয়ৰ প্ৰতি আকৰ্ষণ নাছিল। ফাৰহা খানৰ ইউটিউব চেনেলত অভিনেত্ৰীগৰাকীয়ে নিজেই এই কথা সদৰী কৰে।

অডিচনলৈ অনিহা কিয়?

ৰাশি খান্নাই কেতিয়াও অভিনয় কৰিব বিচৰা নাছিল। ফাৰাহ খানৰ শ্ব’ত তেওঁ কয় যে, “মই মোৰ প্ৰথম অডিচনৰ দিবলৈ যোৱাৰ সময়ত পলাই আহিছিলো। মোক লিপ গ্লছৰ বিজ্ঞাপনৰ বাবে মাতিছিল। কিন্তু, মোৰ সন্মুখত ইমানবোৰ মানুহ দেখি আচৰিত হ’লোঁ৷ স্বভাৱতে মই অলপ লাজকুৰীয়া।”

মাদ্ৰাছ কেফেৰ অডিচনত কি হৈছিল?

কাষ্টিং ডাইৰেক্টৰে ৰাশিক অডিচনৰ প্ৰস্তাৱ দিলে। কিন্তু, ৰাশি প্ৰথমতে ৰাজী হোৱা নাছিল। দুবাৰকৈ নাকচ কৰাৰ পিছত তৃতীয়বাৰ সন্মানৰ খাতিৰত হয় বুলি কয় । কিয়নো ৰাশিয়ে অভিনেত্ৰী হ’ব বিচৰা নাছিল। তেন্তে তেওঁৰ সপোন কি আছিল?

আই এ এছ বিষয়া হোৱাৰ সপোন

অভিনেত্ৰী ৰাশি খান্নাই কয়, ‘আচলতে মোৰ আই এ এছ বিষয়া হোৱাৰ সপোন আছিল। কিন্তু অভিনেত্ৰী হোৱাৰ পিছত মই অনুভৱ কৰোঁ যে ইয়াতো মানুহৰ বাবে বহুত কাম কৰাৰ সুযোগ আছে। সেইবাবেই মই এগৰাকী অভিনেত্ৰী হৈ সুখী। কাৰণ মইতো মানুহৰ বাবেই কাম কৰিব বিচাৰিছিলো।’

প্ৰস্তুতি আৰম্ভ কৰিছিল?

ফাৰাহ খানৰ অনুষ্ঠানত ৰাশিয়ে কয়, ‘মইতো আই এ এছৰ বাবে প্ৰস্তুতি চলাই আছিলো। মোৰ অফিচাৰ হ’বলৈ মন আছিল। কিন্তু, ভাগ্যই মোক চলচ্চিত্ৰ জগতৰ সংস্পৰ্শলৈ আনিলে। মডেল বা অভিনেত্ৰী হোৱাৰ সপোন কেতিয়াও দেখা নাছিলো।

ৰাশি খান্নাই কিমান ভাষা জানে?

অভিনেত্ৰী ৰাশি খান্নাই হিন্দী, তামিল, তেলেগু, হিন্দী আৰু ইংৰাজী জানে। মন কৰিবলগীয়া যে তেওঁ হিন্দী, তামিল, আৰু তেলেগু তিনিটা ভাষাৰ ছবিতে কাম কৰি আহিছে।