NORTHEAST NOW (Assamese)
অসম

অফিচতে মজুত কৰি ৰাখিছিল লক্ষাধিক টকাৰ ড্ৰাগছ! অভিনেত্ৰী অঞ্জু কৃষ্ণাক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 6, 2026 12:24 pm

ড্ৰাগছ ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে জনপ্ৰিয় অভিনেত্ৰী অঞ্জু কৃষ্ণাক। চেন্নাইৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে অভিনেত্ৰীগৰাকীক। একে অভিযোগত অভিনেত্ৰীগৰাকীৰ সহায়িকাকে ধৰি আন ৮জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

বৃহস্পতিবাৰে ‘এণ্টি-নাৰ্কটিকছ ইনটেলিজেন্স ইউনিট’ (এন আই ইউ)য়ে অভিনেত্ৰীগৰাকীৰ কাৰ্যালয়ত অভিযান চলায়। সূত্ৰ অনুসৰি, তালাচীৰ সময়ত ৬ গ্ৰাম মেথামফটেমিন, ৭ গ্ৰাম অ’জি গাঁজা, ১৫ গ্ৰাম গাঁজা, এটা এল এছ ডি ষ্টাম্প আৰু ৯টা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে।

অঞ্জু কৃষ্ণা, ভিঞ্চি নিবেধা, কাৰ্তিক ৰাজা, যশৱন্ত, শ্ৰীৰাম, আলভিবিংশা আৰু ভেংকটেশ কুমাৰক জেৰাৰ বাবে নিজৰ জিম্মাত লৈছে ‘এন আই ইউ’ তদন্ত আৰম্ভ হয় য়ে। সূত্ৰ অনুসৰি নেছাপাক্কামৰ বাসিন্দা ৩৩ বছৰীয়া ভিগ্নেশ্বৰনক গ্ৰেপ্তাৰ কৰাৰ পিছতে তদন্ত আৰম্ভ হয়।

জেৰাৰ সময়ত ভিগ্নেশ্বৰনে কয় যে তেওঁ কোভুৰৰ ভেংকটেশ কুমাৰৰ পৰা ড্ৰাগছ লৈছিল। ভিগ্নেশ্বৰনে দিয়া তথ্যৰ ভিত্তিত এন আই ইউৰ দলটোৱে ভেংকটেশৰ ওচৰ পায়। তাৰ পৰাই গম পোৱা গ’ল যে দক্ষিণ ভাৰতীয় অভিনেত্ৰীগৰাকীও এই চক্ৰৰ লগত জড়িত।