NORTHEAST NOW (Assamese)
Popular Stories

অভিনেত্ৰী জয়াপ্ৰদাক ছমাহৰ কাৰাদণ্ডৰ শাস্তি আদালতৰ, বিহিলে জৰিমনাও; কিন্তু কিয়?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 12, 2023 9:08 am

অভিনেত্ৰী-ৰাজনীতিবিদ জয়াপ্ৰদাক এটা পুৰণি গোচৰত চেন্নাইৰ এখন আদালতে ছমাহৰ কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা বিহিছে। এই গোচৰত জয়াৰ দুই ব্যৱসায়িক সহযোগী ৰাম কুমাৰ আৰু ৰাজা বাবুকো দোষী সাব্যস্ত কৰে আদালতে।

বাতৰি অনুসৰি, জয়াপ্ৰদাই কেইবাবছৰ পূৰ্বে চেন্নাইত এটা চিনেমা হল ক্ৰয় কৰিছিল। সহযোগী আছিল ৰাম আৰু ৰাজা। কিন্তু অবিৰত লোকচানৰ বাবে তেওঁলোকে সেই হলটো বন্ধ কৰি দিয়ে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীয়ে দেশৰ মুছলমানৰ ‘মন কী বাত’ শুনক: আহ্বান দিল্লীৰ জামা মছজিদৰ শ্বাহী ইমাম বুখাৰীৰ

ইয়াৰ পিছতেই জয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে সেই সময়ত কৰ্মৰত কৰ্মচাৰীসকলৰ দৰমহাৰ পৰা কৰ্তন কৰা স্বাস্থ্য বীমাৰ ধন জমা দিয়া হোৱা নাই। তাৰ পিছত আনুষ্ঠানিকভাৱে লিখিত অভিযোগ দাখিল কৰা হয়।

শ্ৰমিকৰ অভিযোগৰ ভিত্তিত চেন্নাইৰ এগম’ৰ দণ্ডাধীশ আদালতত জয়া, ৰাম আৰু ৰাজাৰ বিৰুদ্ধে গোচৰ চলে। জয়া আৰু তেওঁৰ সহযোগীয়ে ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি গোচৰটো প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায় যদিও আদালতে তেওঁলোকৰ আবেদন নাকচ কৰি শুকুৰবাৰে গোচৰৰ শাস্তি ঘোষণা কৰে।

লগতে পঢ়ক: চাণক্য নীতি: পুৰুষৰ আগতো ব্যক্ত কৰিব নালাগে এই ৪ টা কথা, নহ’লে বিপদৰ পৰা নাপাব পৰিত্ৰাণ!

উল্লেখ্য যে জয়াপ্ৰদাই ৩০০ৰো অধিক হিন্দী আৰু তেলেগু চিনেমাত অভিনয় কৰিছে। তেওঁ এটা সময়ত বলীউদৰ বাণিজ্যিক পাৰিবাৰিক ছবিৰ অতি জনপ্ৰিয় মুখ আছিল।