চলন্ত ৰে’লৰ পৰা জপিয়াই গুৰুতৰভাৱে আহত; সংকটজনক অৱস্থাত অভিনেত্ৰী কৰিশ্মা

মুম্বাইৰ চলন্ত লোকেল ট্ৰেইনৰ পৰা জপিয়াই গুৰুতৰভাৱে আহত অভিনেত্ৰী কৰিশ্মা শৰ্মা বৰ্তমান চিকিৎসালয়ত ভৰ্তি হৈ আছে। বুধবাৰে সংঘটিত এই ঘটনাৰ পিছত বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত তেওঁ নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰে।
কৰিশ্মাই লিখিছে, ‘কালি মই চাৰ্চগেটলৈ শ্বুটিঙৰ বাবে গৈ আছিলো। শাৰী পিন্ধি ট্ৰেইনত উঠিলোঁ। ঠিক তেতিয়াই ট্ৰেইনখনৰ গতিবেগ আৰম্ভ হ’ল আৰু দেখিলোঁ যে মোৰ বন্ধুসকলে উঠিব পৰা নাই। আতংকিত হৈ জপিয়াই দিলোঁ। দুৰ্ভাগ্যজনকভাৱে মই মাটিত পৰিলোঁ আৰু মোৰ মূৰত আঘাত পাওঁ।”
কিন্তু অনুৰাগীসকলে প্ৰশ্ন কৰিছে যে তেওঁ কিয় এনে কাণ্ড কৰিবলৈ গ’ল।
কৰিশ্মাই লগতে কয়, “মোৰ পিঠি আৰু মূৰত আঘাত হৈছে, মোৰ শৰীৰৰ বিভিন্ন অংশত আঘাতৰ চিন ৰৈছে। চিকিৎসকে মোক এম আৰ আই কৰিবলৈ পৰামৰ্শ দিছে আৰু মূৰৰ আঘাত যাতে গুৰুতৰ নহয় তাৰ বাবে মোক এদিন পৰ্যবেক্ষণত ৰখা হৈছে। মোৰ বহুত কষ্ট হৈছে, কিন্তু মোৰ মানসিক শক্তি অতি বেছি। আপোনালোকৰ প্ৰাৰ্থনা আৰু মৰম বিচাৰিছো যাতে সোনকালে আৰোগ্য হওঁ।”
ইপিনে, চিকিৎসালয়ৰ পৰা তেওঁৰ এজন বন্ধুৱে এখন ছবি শ্বেয়াৰ কৰি লিখিছে, “বিশ্বাস কৰিব পৰা নাই এইটো হৈছে। মোৰ বন্ধুজন ৰেলৰ পৰা পৰি গৈছে, আৰু একোৱে মনত নাই। আমি তেওঁক মজিয়াত অচেতন অৱস্থাত পাই লৰালৰিকৈ চিকিৎসালয়লৈ লৈ গ’লোঁ। চিকিৎসকে এতিয়াও তেওঁৰ চিকিৎসা কৰি আছে। সকলোৱে তেওঁৰ বাবে প্ৰাৰ্থনা কৰক। সোনকালে সুস্থ হওক বন্ধু।”

উল্লেখ্য যে কৰিশ্মা শৰ্মাই ৰাগিনী এম এম এছ ৰিটাৰ্ণছ, প্যাৰ কা পঞ্চনামা ২ আৰু উজদা চমনকে ধৰি বলীউদৰ কেইবাখনো জনপ্ৰিয় ছবিত অভিনয় কৰিছে।