NORTHEAST NOW (Assamese)
অসম

বানপীড়িতৰ কাষত গৈ আৱেগিক হৈ পৰিল জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া July 21, 2019 8:42 pm
Prastuti Parashara

অসমীয়া চলচ্চিত্ৰ জগতত সাৱলীল অভিনয়েৰে দৰ্শকৰ মন জয় কৰা জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে আজি বৃহত্তৰ কুৰোৱা অঞ্চলৰ বানাক্ৰান্ত লোকসকলৰ কাষত উপস্থিত হৈ সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হয়।

অভিনেত্ৰী গৰাকীয়ে বানাক্ৰান্ত লোক সকলক নিজৰ সাধ্যানুসাৰে সাহায্য প্ৰদান কৰাৰ লগতে বানত সৰ্বস্বান্ত হোৱা ৰাইজৰ দুখ-দুৰ্দশাৰো বুজ লয়। বানাক্ৰান্ত অঞ্চল পৰিদৰ্শনৰ সময়ত অভিনেত্ৰী গৰাকীয়ে ৰাইজৰ সহায়-সহযোগিতা দেখি আৱেগিক হৈ পৰে।

এই বিষয়ত তেওঁ নিজৰ ফেচবুক ৱালত লিখে এনেদৰে, ‘বৃহত্তৰ কুৰোৱা অঞ্চলৰ বানপীড়িত ৰাইজৰ কাষলৈ গ’লো। উদ্দেশ্য আছিল দূৰ্গত ৰাইজৰ খবৰ লোৱা আৰু বিপদত এষাৰি মাত লগোৱাৰ। লগত নিছিলো সীমিত সামৰ্থ অনুযায়ী য’ত সামান্য খাদ্য সামগ্ৰী আৰু খোৱা পানী বটল। যিহেতু আৱাহন থিয়েটাৰৰ শিবিৰৰ সমীপৱৰ্তী অঞ্চল এই কুৰোৱা, সেয়েহে কাষৰীয়া হিচাপে অনুভৱ কৰিছিলো এক নৈতিক দায়িত্ববোধৰ’।

‘দুৰ্ভগীয়া ৰাইজক একো দিব নোৱাৰিলেও তেওঁলোকৰ কাষলৈ যোৱাৰ বাবে মোক জনোৱা মৰম আশীৰ্বাদত সেমেকী উঠিল মোৰ দুচকু’। বন্যাৰ্তৰ খবৰ ল’বলৈ গৈ এইদৰে আবেগিক হৈ পৰে অভিনেত্ৰী গৰাকী।

তেওঁ লুইতৰ বলিয়া বানে কিদৰে অঞ্চলটোত ধ্বংসলীলা চলালে সেয়া প্ৰত্যক্ষ কৰা বুলিও উল্লেখ কৰে। তদুপৰি বানৰ পৰা কিদৰে পৰিত্ৰাণ পাব পাৰি তাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষ তথা নদী বিশেষজ্ঞ সকলে অচিৰেই এক স্থায়ী বিজ্ঞান সন্মত সমাধানৰ পথ উলিয়াব বুলিও আশা প্ৰকাশ কৰে।

আনহাতে অভিনেত্ৰী গৰাকীয়ে নিজৰ ফেচবুক প’ষ্টটিৰ শেষত উল্লেখ কৰে, ‘ভূপেনদাৰ ভাষাৰে আশা কৰো আৰু বানে যেন তিঘিল নিঘিলাই আৰু যেন উটুৱাই নিনিয়ে কৃষক ৰাইজৰ আশাৰ কঠিয়া’।

ইয়াৰ উপৰি কুৰোৱা অঞ্চলৰ লুইতৰ মথাউৰি পৰিদৰ্শন কৰি যথেষ্ট উদ্বেগ প্ৰকাশ কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে।