ক’ল ইণ্ডিয়াত এশ শতাংশ স্থানীয় নিযুক্তিৰ দাবীত মাৰ্ঘেৰিটাত যুৱ-ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ

ক’ল ইণ্ডিয়াত ২৬ বছৰে বন্ধ হৈ থকা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা আৰু এশ শতাংশ স্থানীয় যুৱকক চাকৰি দিয়াৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে মাৰ্ঘৰিটাত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে।
মাৰ্ঘেৰিটা বজাৰৰ সমীপৰ ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তৰ পূব কয়লা ক্ষেত্ৰৰ প্ৰবন্ধক যুগল বৰাৰ পুত্তলিকা দাহেৰে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে। জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ এই প্ৰতিবাদৰ ফলত মাৰ্ঘেৰিটা ৰাষ্ট্ৰীয় ঘাইপথত যথেষ্ট যান-জঁটৰ সৃষ্টি হয়।
জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাৰ নেতৃত্বত আজিৰ এই প্ৰতিবাদী আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। অনতিপলমে ক’ল ইণ্ডিয়াই নিজৰ স্থিতি স্পষ্ট নকৰিলে অধিক জংগী আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বাধ্য হ’ব বুলি সংগঠনটোৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত সদৰী কৰে।
উল্লেখ্য যে দীৰ্ঘ দিন ধৰি জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ক’ল ইণ্ডিয়াৰ বিৰুদ্ধে থলুৱা নিযুক্তিৰ দাবীত বিভিন্ন আন্দোলনৰ কাৰ্য্যসূচী ৰূপায়ণ কৰি আহিছে যদিও ক’ল ইণ্ডিয়া কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।
আজিৰ এই প্ৰতিবাদী কাৰ্য্যসূচীৰ পাছত উত্তৰ পূৱ কয়লা ক্ষেত্ৰই কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া অৱশ্যে লক্ষণীয় হ’ব।