NORTHEAST NOW (Assamese)
Popular Stories

কোৰোণাৰে ধন চপাইছে গুজৰাটী উদ্যোগপতি গৌতম আদানীয়ে, অস্বাভাৱিক গতিত বৃদ্ধি হৈছে সম্পত্তিৰ পৰিমাণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 12, 2021 7:30 pm
কোৰোণাৰে ধন চপাইছে গুজৰাটী উদ্যোগপতি গৌতম আদানীয়ে, অস্বাভাৱিক গতিত বৃদ্ধি হৈছে সম্পত্তিৰ পৰিমাণ

গুজৰাটী ব্যৱসায়ী গৌতম আদানীয়ে চলিত বৰ্ষত বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি লাভ অৰ্জন কৰা উদ্যোগপতি হিচাপে বিবেচিত হৈছে।

সম্প্ৰতি আদানীৰ সম্পত্তিৰ পৰিমাণ ৫০ বিলিয়ন ডলাৰ।

যোৱা বছৰলৈকে গুজৰাটী ব্যৱসায়ীজনৰ সম্পত্তিৰ পৰিমাণ আছিল ১৬.২ বিলিয়ন ডলাৰ।

ব্লুমবাৰ্গ বিলিঅ’নাৰছ ইনডেক্সে এই কথা প্ৰকাশ কৰিছে।

ইয়াৰ ফলত ‘আদানী এণ্টাৰপ্ৰাইজ লিমিটেড’ৰ স্বত্বাধিকাৰ গৌতম আদানী হৈ পৰিছে বৰ্ষটোৰ আটাইতকৈ সফল ব্যৱসায়ী।

আনকি তেওঁ বিশ্বৰ আগশাৰীৰ উদ্যোগপতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ এলন মাস্ক আৰু বিশ্বৰ আটাতকৈ চহকী ব্যক্তি জেফ্ফ বেজছকো পৰাভূত কৰিবলৈ সক্ষম হৈছে।