NORTHEAST NOW (Assamese)
অসম

অতিৰিক্ত মুখ্য সচিব সঞ্জয় কৃষ্ণৰ বৰপেটা জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনা

Posted by: আনিছুজ জামান Updated by: আনিছুজ জামান August 8, 2019 8:15 am

ৰাজ্য চৰকাৰৰ গৃহ, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা তথ্য আৰু জনসংযোগ আদি বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব সঞ্জয় কৃষ্ণই বৰপেটা জিলাৰ বান দুৰ্যোগৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে বুধবাৰে পাঠশালা ভ্ৰমণ কৰে।

তেওঁৰ সৈতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত সচিব অশোক বৰ্মনো আহে।

তেওঁলোকে পোনতে বজালী মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈ শেহতীয়া বানপানীৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে বানপানীৰ পিছত ল’ব পৰা ব্যৱস্থা সমূহৰ বিষয়ে কিছু পৰামৰ্শ আগবঢ়ায়।

আলোচনাত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, আৰক্ষী অধীক্ষক ৰবীন কুমাৰ, মহকুমাধিপতিৰ বিজয় ৰেড্ডী, জিলা জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু বিভিন্ন বিভাগীয় বিষয়া সকল উপস্থিত থাকে।

ইয়াৰ পিছতে অতিৰিক্ত মুখ্য সচিব সঞ্জয় কৃষ্ণই পহুমৰা নৈৰ বানে চিগা গহীনপাৰাৰ মথাউৰিটো পৰিদৰ্শন কৰাৰ উপৰি বজালী ৰাজহ চক্ৰৰ কাৰ্যালয়ত প্ৰবেশ কৰি ইয়াৰ কাম-কাজৰ পৰ্যবেক্ষণ কৰে।

পিছত তেওঁ চক্ৰ বিষয়াৰ নিৰ্মিয়মান কাৰ্যালয় ভৱনটোও পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।