NORTHEAST NOW (Assamese)
অসম

অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কৰি আইন-শৃংখলাজনিত পৰিস্থিতিৰ বুজ ল’লে জি পি সিঙে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 29, 2020 3:12 pm

অসমৰ এডিজিপি (আইন আৰু শৃংখলা) জি পি সিঙে বুধবাৰে অসম-মিজোৰাম সীমান্তত উপস্থিত হৈ আইন-শৃংখলাজনিত পৰিস্থিতি পৰিদৰ্শন কৰে।

এই পৰিদৰ্শনকালত জি পি সিঙক সংগ দিয়ে কাচাৰ জিলাৰ জিলা উপায়ুক্ত কৃৰ্তি জাল্লি, কাচাৰৰ এছ পি ভানৱাৰ লাল মীনা আৰু অন্যান্য বিষয়ববীয়াই।

অসম-মিজোৰাম সীমান্তত অৱস্থিত এখন বঙালী মাধ্যমৰ বিদ্যালয়ত ২২ অক্টোবৰৰ নিশা সংঘটিত হোৱা বোমাবিস্ফোৰণৰ পাছৰ পৰিস্থিতি পৰিদৰ্শন কৰে জি পি সিঙে।

উগ্ৰবাদী সংগঠনৰ সদস্যই স্থানীয় লোকক আতংকিত কৰাৰ উদ্দেশ্যে বোমা বিস্ফোৰণটো সংঘটিত কৰা বুলি জি পি সিঙে সন্দেহ প্ৰকাশ কৰে।

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে কাচাৰ আৰক্ষীয়ে আদালতত বে আইনী কাৰ্য্যকলাপ ৰোধ কৰাৰ বাবে এখন আবেদন দাখিল কৰিছে।

আনহাতে, এই পৰিদৰ্শন কালত জি পি সিঙে সমগ্ৰ অঞ্চলটোৰ আইন-শৃংখলা জনিত পৰিস্থিত সন্দৰ্ভত কাচাৰৰ এছ পি, জিলা উপায়ুক্তৰ সৈতে আলোচনা কৰে।

অসম-মিজোৰাম সীমান্ত পৰিদৰ্শন কৰাৰ পাছত জি পি সিঙে অসম আৰু মিজোৰামৰ মাজৰ সাংবিধানিক সীমাক সকলোৱে সন্মান কৰা উচিত বুলি মন্তব্য কৰে।