NORTHEAST NOW (Assamese)
অৰুণাচল

Adi Kekir Ginger: অৰুণাচলৰ এই বিশেষ আদাকে ধৰি তিনিটা সামগ্ৰীয়ে পালে জি আই টেগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 4, 2024 12:01 pm
Adi Kekir Ginger: অৰুণাচলৰ এই বিশেষ আদাকে ধৰি তিনিটা সামগ্ৰীয়ে পালে জি আই টেগ

অৰুণাচল প্ৰদেশৰ বিশেষ আদাকে ধৰি তিনিটা সামগ্ৰীয়ে লাভ কৰিছে সন্মানীয় ভৌগোলিক সূচক (জি আই) প্ৰমাণ পত্ৰ। বিষয়াসকলে জনোৱা মতে, জি আই মৰ্যাদা পোৱা সামগ্ৰীসমূহৰ ভিতৰত আদি কেকিৰ আদা (Adi Kekir Ginger), তিব্বতীসকলে হাতেৰে তৈয়াৰী কৰা কাৰ্পেট আৰু ৱাংচু সম্প্ৰদায়ৰ লোকে নিৰ্মাণ কৰা কাঠৰ সামগ্ৰী অন্তৰ্ভুক্ত।

আদি কেকিৰ হৈছে পূৱ চিয়াং, ছিয়াং আৰু আপাৰ চিয়াং জিলাত উৎপাদিত প্ৰজাতিৰ আদা। ইয়াৰ সোৱাদ আৰু আকৃতিৰ বাবে জনাজাত।

অৰুণাচলৰ বিভিন্ন প্ৰান্তত বসবাস কৰা তিব্বতী শৰণাৰ্থীৰ হাতেৰে নিৰ্মিত কাৰ্পেট নিজৰ অনন্য ডিজাইন আৰু শৈলীৰ বাবে বিখ্যাত।

লগতে পঢ়কঃ গৱেষণা! নাৰী শৰীৰৰ এই বস্তুটোৰ গোন্ধ পালেই একেবাৰতে বহু কমি যায় পুৰুষৰ খং

ৱাংচু সম্প্ৰদায়ৰ হস্তনিৰ্মিত কাঠৰ শিল্পকৰ্মও তেওঁলোকৰ বিশেষ শিল্প। শিল্পীসকলে ভগৱান বুদ্ধৰ প্ৰতিমূৰ্তি, জীৱ-জন্তু আৰু পুতলাও নিৰ্মাণ কৰে।

বিষয়াসকলে জনোৱা মতে, নেচনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্টে (নাবাৰ্ড) এই সামগ্ৰীসমূহৰ প্ৰচাৰৰ বাবে ৰাজ্য চৰকাৰৰ পদক্ষেপক সহায় কৰাৰ লগতে আৰ্থিক সাহায্যও আগবঢ়াইছে।

জি আই পঞ্জীয়নৰ বাবে নাবাৰ্ডে সমৰ্থিত ১৮টা এনে সামগ্ৰীৰ ভিতৰত এতিয়ালৈকে ছটা সামগ্ৰীয়ে প্ৰমাণপত্ৰ লাভ কৰিছে।

লগতে পঢ়কঃ১১টা বলত ৬টা উইকেট হেৰুৱায় ভাৰতে! শাস্ত্ৰীৰ ধেমেলীয়া মন্তব্য শুনি হাঁহি ৰখাব নোৱাৰিব আপুনি

ইয়াৰ পূৰ্বে ‘য়াক চুৰ্পি’, অৰুণাচলৰ য়াকৰ গাখীৰৰ পৰা তৈয়াৰী পনিৰ, খামটি, নামচাই জিলাত উৎপাদিত বিভিন্ন ধৰণৰ আঠাযুক্ত চাউল আৰু চাংলাং জিলাৰ টাংছা কাপোৰে জি আই স্বীকৃতি লাভ কৰিছিল।