NORTHEAST NOW (Assamese)
অসম

জনজাতিকৰণ: আদিবাসী জাতীয় মহাসভাৰ প্ৰতিবাদত উত্তাল কোকৰাঝাৰ

Posted by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ Updated by: ৰিনয় বসুমতাৰী,কোকৰাঝাৰ March 11, 2022 4:01 pm
জনজাতিকৰণ: আদিবাসী জাতীয় মহাসভাৰ প্ৰতিবাদত উত্তাল কোকৰাঝাৰ

অসমৰ ভূমিপুত্ৰ আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যদা আৰু ভূমিৰ পট্ৰা প্ৰদানৰ দাবীত আজি আদিবাসী জাতীয় মহাসভা সংগ্ৰামী মঞ্চই কোকৰাঝাৰ চহৰৰ শিশু উদ্যানত তিনিঘন্টীয়া অৱস্থান ধৰ্ণাৰে পৰিবেশ উত্তাল কৰি তোলে ৷

উল্লেখ্য যে আদিবাসী সংগ্ৰামী মঞ্চ, আদিবাসী জাতীয় মহাসভাৰ উদ্যোগত আছাকে ধৰি কেইবাটাও সংগঠনে ধৰ্ণা কাৰ্যসূচীত  অংশগ্ৰহণ কৰে।

ধৰ্ণা কাৰ্যসূচীত প্ৰায় তিনি শতাধিক আদিবাসী পুৰুষ- মহিলাই হাতে হাতে প্লে-কাৰ্ডলৈ জনজাতিকৰণ আমাৰ ন্যায্য দাবী,আমাক ভূমিৰ পট্টা প্ৰদান কৰক, আমাক ভূমিৰ অধিকাৰ দিবই লাগিব ,অসম চৰকাৰ হুচিয়াৰ,অসম চৰকাৰ হায় হায় ,ন’ এচ টি ন’ ৰেষ্ট ইত্যাদি শ্লোগান দি আকাশ- বতাহ কপাঁই তোলে ৷