NORTHEAST NOW (Assamese)
অসম

দাবী পূৰণ নহ’লে নিৰ্বাচনত বিজেপিক উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ আদিবাসী ছাত্র সন্থাৰ

Posted by: দীপক কুমাৰ পাঠক Updated by: দীপক কুমাৰ পাঠক February 22, 2021 1:53 pm
bhaba

সদৌ আদিবাসী ছাত্ৰ সন্থাৰ বাক্সা জিলা সমিতিৰ উদ্যোগত তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলি চাহ বাগিচাত আজি কেইবাটাও দাবীৰ সমৰ্থনত এক বিশাল গণ সমাবেশৰ আয়োজন কৰা হয় ।

আদিবাসী জনগোষ্ঠীৰ লোক সকলক অতি শীঘ্ৰে জনজাতিকৰণ কৰা, ভূমি পট্টা প্ৰদান কৰা আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ লগতে আন কেইবাটাও দাবীৰ সমৰ্থনত এই বিশাল গণ সমাবেশখনৰ আয়োজন কৰা হয়।

আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক ৰাজু তিৰ্কী , বাক্সা জিলা সমিতিৰ সভাপতি ৰঞ্জিত ওৰাং আৰু বির্চা কমাণ্ড’ ফ’ৰ্চৰ কামাণ্ডাৰ বীৰসিং মুণ্ডাই  সমাবেশত অংশগ্ৰহণ কৰি  এইবুলি হুংকাৰ দিয়ে — যদিহে আগন্তুক বিধান সভা নিৰ্বাচনৰ আগে আগে আদিবাসী জনগোষ্ঠীৰ দাবী সমূহ ৰাজ্য চৰকাৰে পূৰণ নকৰে তেন্তে নিৰ্বাচনত বিজেপি দলক উচিত প্ৰত্যুত্তৰ দিয়া হ’ব।

গণ সমাবেশত অংশগ্ৰহণ কৰি অগণন ৰাইজে ন’ এছ টি ন’ ৰেষ্ট, আমাক জনজাতিকৰণ কৰিবই লাগিব, আমাৰ দাবী ন্যায্য দাবী, আমাক ভূমি পট্টা প্ৰদান কৰক, চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰক, আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্লোগানেৰে নাগ্ৰীজুলিৰ আকাশ-বতাহ কঁপাই তোলে।