NORTHEAST NOW (Assamese)
Popular Stories

আদিবাসীসকল হিন্দু নহয়, সুকীয়া ধৰ্মীয় সংহিতাৰ দাবীত উমাং সিংহৰৰ মন্তব্যক লৈ তীব্ৰ বিতৰ্ক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 10, 2026 3:52 pm

মধ্যপ্ৰদেশৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বিধানসভাৰ বিৰোধী দলপতি উমাং সিংহৰে আদিবাসীসকলক লৈ কৰা এটা মন্তব্যই বৰ্তমান ৰাজনৈতিক মহলত ধুমুহাৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ এক অনুষ্ঠানত ভাষণ দি সিংহৰে দাবী কৰে যে আদিবাসীসকল হিন্দু নহয়। তেওঁৰ মতে আদিবাসীসকলৰ নিজস্ব ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতি আছে যিবোৰ আন ধৰ্মৰ লগত নিমিলে। পূৰ্বে হনুমানক জনজাতীয় বুলি অভিহিত কৰি চৰ্চালৈ অহা নেতাগৰাকীয়ে এইবাৰ আদিবাসীসকলৰ বাবে এটা সুকীয়া ধৰ্মীয় সংহিতাৰ দাবী উত্থাপন কৰিছে। তেওঁ স্পষ্টকৈ কয় যে জনজাতীয় লোকসকলক কোনো সাধাৰণ নাগৰিক সংহিতা বা আন ধৰ্মীয় নিয়মৰ দ্বাৰা পৰিচালিত কৰিব নোৱাৰি।

উমাং সিংহৰৰ মতে আদিবাসীসকলৰ জীৱন ধাৰণৰ পদ্ধতি, ৰীতি-নীতি আৰু ধৰ্মীয় আচাৰ-ব্যৱহাৰ সম্পূৰ্ণ সুকীয়া। তেওঁলোকে দীৰ্ঘদিন ধৰি নিজৰ ধৰ্মক সাৰ্ণ ধৰ্ম হিচাপে স্বীকৃতি দিয়াৰ দাবী জনাই আহিছে। নেতাগৰাকীয়ে আশংকা প্ৰকাশ কৰে যে আদিবাসীসকলে যদি আন ধৰ্মৰ সৈতে নিজকে বিলীন কৰি দিয়ে, তেন্তে ভৱিষ্যতে তেওঁলোকৰ অস্তিত্বৰ সংকট দেখা দিব। তেওঁ কয় যে নিজৰ সুকীয়া পৰিচয় নাথাকিলে আদিবাসীসকলে তেওঁলোকৰ সুৰক্ষা, সাংবিধানিক অধিকাৰ আৰু বনভূমিৰ ওপৰত থকা অধিকাৰো হেৰুৱাব পাৰে। সেয়েহে তেওঁ আদিবাসী সমাজক একত্ৰিত হবলৈ আহ্বান জনাইছে।

দেশৰ প্ৰায় ১২ কোটি জনজাতীয় লোকক অনুসূচিত জনজাতি হিচাপে গণ্য কৰা হয় যদিও তেওঁলোকৰ ধৰ্মক এতিয়ালৈকে চৰকাৰী স্বীকৃতি দিয়া হোৱা নাই বুলি সিংহৰে ক্ষোভ প্ৰকাশ কৰে। তেওঁ জনজাতীয় লোকসকলক এই দাবীৰ সমৰ্থনত ৰাষ্ট্ৰপতিলৈ আবেদন পঠিয়াবলৈ আহ্বান জনায়। তেওঁৰ মতে কেৱল মধ্যপ্ৰদেশৰ পৰাই যদি ৫০ লাখ আবেদন জমা হয়, তেন্তে চৰকাৰে আদিবাসীৰ এই সংগ্ৰামক স্বীকৃতি দিবলৈ বাধ্য হব। নিজৰ পৰিচয় ৰক্ষাৰ বাবে এইটো এটা ডাঙৰ যুঁজ বুলি তেওঁ অভিহিত কৰে।

কংগ্ৰেছ নেতাগৰাকীৰ এই মন্তব্যৰ পিছতে ৰাজ্যখনৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। বিজেপি চৰকাৰৰ মন্ত্ৰী বিশ্বাস সাৰঙে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে কংগ্ৰেছে সদায় দেশত বিভাজনৰ ৰাজনীতি কৰিব বিচাৰে। তেওঁ অভিযোগ কৰে যে হিন্দু ধৰ্মক দুৰ্বল কৰাৰ বাবেহে এনে ধৰণৰ মন্তব্য কৰা হৈছে। চৰকাৰে যি সময়ত একেধৰণৰ নাগৰিক সংহিতাৰ জৰিয়তে গোটেই দেশখনক একত্ৰিত কৰাৰ চেষ্টা কৰিছে, তেনে সময়ত আদিবাসীৰ বাবে সুকীয়া ধৰ্মীয় সংহিতাৰ দাবীয়ে দেশক ভাগ কৰিব বিচাৰিছে বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে সিংহৰৰ এই দাবীক অবৈধ আৰু অতিশয় নিন্দনীয় বুলিও আখ্যা দিয়ে।