NORTHEAST NOW (Assamese)

প্ৰকাশ পালে মুখ্যমন্ত্ৰী সকলৰ সম্পত্তিৰ তালিকা : উত্তৰ পূৱ ভাৰতৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন?

August 23, 2025 8:28 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 23, 2025 7:44 am

এ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)য়ে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ স্ব-ঘোষিত শপতনামাৰ বিশদ বিশ্লেষণ প্ৰকাশ কৰিছে, য’ত সম্পত্তি, দায়বদ্ধতা, শিক্ষা আৰু আয়ৰ ব্যাপক ভিন্নতা প্ৰকাশ পাইছে।

প্ৰতিবেদন অনুসৰি, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু অঞ্চলটোৰ সৰ্বাধিক ধনী মুখ্যমন্ত্ৰী, যাৰ ঘোষিত সম্পত্তিৰ মূল্য ৩৩২ কোটি টকাতকৈ অধিক আৰু দায়বদ্ধতা( ঋণ) প্ৰায় ১৮০ কোটি টকা।

ইয়াৰ বিপৰীতে, মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমা হৈছে উত্তৰ পূৱ ভাৰতৰ নিম্ন সম্পত্তিৰ অধিকাৰী, মাত্ৰ ৪.১৩ কোটি টকা, আৰু দায়বদ্ধতা প্ৰায় ২১ লাখ টকা।নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ৪৬.৯৫ কোটি টকা। তেওঁৰ ঋণ আছে ৮.৬৯ লাখ টকা।  

আনহাতে  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা১৭.২৭ কোটি টকাৰ সম্পত্তিৰ অধিকাৰী আৰু ৩.৫১ কোটি টকাৰ ঋণ আছে। ডক্টৰেট ডিগ্ৰীধাৰী শৰ্মাই অঞ্চলটোত সৰ্বাধিক বাৰ্ষিক ব্যক্তিগত আয় ২৫.৯৪ লাখ টকা ঘোষণা কৰিছে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে. ছাংমাৰ সম্পত্তিৰ পৰিমাণ ১৪.০৬ কোটি টকা আৰু ২৪.১৩ লাখ টকাৰ দায়বদ্ধতা ঘোষণা কৰিছে, আৰু তেওঁৰ বাৰ্ষিক আয় ২৯.৫৭ লাখ টকা।ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই ১৩.৯০ কোটি টকাৰ সম্পত্তি, ১৩.২৭ লাখ টকাৰ দায়বদ্ধতা আৰু ১৯.৬৬ লাখ টকাৰ আয় ঘোষণা কৰিছে।চিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং (গোলাই) ৬.৬৯ কোটি টকাৰ সম্পত্তি আৰু ১৫ লাখ টকাৰ দায়বদ্ধতা ঘোষণা কৰিছে। তেওঁৰ কোনো ব্যক্তিগত আয় ঘোষণা কৰা নাই।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰীসকলৰ শিক্ষাৰ স্তৰ স্নাতকৰ পৰা ডক্টৰেট পৰ্যন্ত, আৰু বেছিভাগ নেতাৰ বয়স ৪৪ বছৰৰ ওপৰত।

এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) আৰু নেশ্যনেল ইলেকশ্যন ৱাচ (এনইডব্লিউ)য়ে দেশৰ ৰাজ্য বিধানসভা আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ সকলো ৩০ জন বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ স্ব-ঘোষিত শপতনামা বিশ্লেষণ কৰিছে।

এই তথ্য মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ শেষ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ পূৰ্বে দাখিল কৰা শপতনামাৰ পৰা সংগ্ৰহ কৰা হৈছে। আনহাতে, বৰ্তমান মণিপুৰ ৰাষ্ট্ৰপতি শাসনৰ অধীনত।

Related News