NORTHEAST NOW (Assamese)

২৮.৯৫ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ব্যৱসায়ীৰ জামিন বিচাৰি ওকালতি মহাধিবক্তা দেৱজিৎ শইকীয়াৰ

August 29, 2025 10:59 am · এন ই নাও নিউজ, গুৱাহাটী

সামগ্ৰী আৰু সেৱা কৰ ফাঁকিৰ অভিযুক্ত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ হৈ ওকালতিত নামিল অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শইকীয়া। বৃহস্পতিবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়াত অনুষ্ঠিত শুনানিৰ সময়ত মহাধিবক্তা শইকীয়াৰ এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিলে বিপৰীত পক্ষৰ অধিবক্তাই।ৰাজ্য চৰকাৰৰ মহাধিবক্তা হোৱাৰ পাছতো জি এছ টি ফাঁকিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিযুক্তৰ জামিন বিচাৰি শইকীয়াই কেনেকৈ যুক্তি প্রদর্শন কৰিছে বুলি প্রশ্ন উত্থাপন কৰে।

উল্লেখযোগ্য যে ২৮.৯৫ কোটি টকা সামগ্ৰী আৰু সেৱা কৰ চমুকৈ জি এছ টি ফাঁকিৰ এক গোচৰত বেলতলাৰ গৌৰৱ আগৰৱাল নামৰ এজন ব্যবসায়ীক গ্রেপ্তাৰ কৰা হৈছিল। যাৱতীয় তথ্য-প্ৰমাণৰ ভিত্তিত সামগ্ৰী আৰু সেৱা কৰ চোৰাংচোৱাই ব্যৱসায়ী আগৰৱালক গ্ৰেপ্তাৰ কৰে। ফলত গ্ৰেপ্তাৰ হৈ কাৰাগাৰলৈ যাবলগা হোবা অভিযুক্ত গৌৰৱ আগৰৱালে শেহতীয়াভাৱে জামিন বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়।

লক্ষণীয়ভাবে বৃহস্পতিবাৰে আদালতত সামগ্ৰী আৰু সেৱা কৰ ফাঁকিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা গৌৰৱ আগৰৱালৰ জামিনৰ সপক্ষে যুক্তি প্রদর্শন কৰে মহাধিবক্তা দেৱজিৎ শইকীয়াই। মহাধিবক্তাগৰাকীয়ে তদন্তত সহযোগ কৰাৰ পাছতো বিভাগীয় নিয়ম উলংঘা কৰি অভিযুক্ত আগৰৱালক গ্ৰেপ্তাৰ কৰা হৈছে বুলি যুক্তি প্ৰদৰ্শন কৰে।

প্রকৃততে আগৰৱালক গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজনীয়তা নাছিল বুলিও মহাধিবক্তা দেৱজিৎ শইকীয়াই যুক্তি দৰ্শায়। ইয়াৰ বিপৰীতে জি এছ টি বিভাগৰ হৈ প্রতিনিধিত্ব কৰা অধিবক্তা এছ চি কায়েলে অভিযুক্তৰ বিৰুদ্ধে পর্যাপ্ত সমল লাভকৰা বুলি উল্লেখ কৰে।

ইয়াৰ মাজতে জি এছ টি বিভাগৰ অধিবক্তা কায়েলে মহাধিবক্তা দেৱজিৎ শইকীয়া গোচৰত অৱতীৰ্ণ হোৱা বিষয়টোক লৈ প্রশ্ন উত্থাপন কৰে। মহাধিবক্তা হোৱাৰ পাছতো শইকীয়াই কেনেদৰে গোচৰত প্ৰতিনিধিত্ব কৰিছে বুলি আপত্তি কৰে।

অধিবক্তা কায়েলে আদালতক মৌখিকভাবে জনাই যে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ৫০:৫০ হিচাপত সামগ্ৰী আৰু সেৱা কৰ ভাগ-বাটোৱাৰা হয়। অৱশ্যে অধিবক্তা কায়েলক লগে লগে উভতি ধৰি মহাধিবক্তা শইকীয়াই সমগ্র বিষয়টো ব্যক্তিগতকৰণ কৰা হৈছে বুলি ব্যক্ত কৰে। ইয়াকে লৈ দুয়োপক্ষৰ মাজত তীব্র বাদানুবাদৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত আদালতে গোচৰটোৰ বিষয়বস্তু ওপৰত দৃষ্টি নিবদ্ধ কৰি অভিযুক্ত গৌৰৱ আগৰৱালক গ্ৰেপ্তাৰ সন্দৰ্ভত সামগ্ৰী আৰু সেৱা কৰ বিভাগক যাৱতীয় তথ্য দাখিলৰ নিৰ্দেশ দিয়ে। স্মৰ্তব্য যে, অহা ১ ছেপ্টেম্বৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰা হৈছে।

Related News