NORTHEAST NOW (Assamese)

কি ঘটিছিল! আমেৰিকাৰ বিলাসী বাংলোৰ পৰা উদ্ধাৰ ভাৰতীয় মূলৰ পৰিয়ালৰ তিনি সদস্যৰ মৃতদেহ

December 31, 2023 10:42 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

ভাৰতীয় মূলৰ এজন ব্যক্তি, তেওঁৰ পত্নী আৰু তেওঁলোকৰ কন্যাক আমেৰিকাৰ মেছাচুচেটছ প্ৰদেশৰ তেওঁলোকৰ অট্টালিকাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। মৃত ব্যক্তিৰ নাম ৫৭ বছৰীয়া ৰাকেশ কমল, তেওঁৰ পত্নী টিনা (৫৪) আৰু তেওঁলোকৰ ১৮ বছৰীয়া কন্যা আৰিয়ানা।

বৃহস্পতিবাৰে তিনিওজনকে ৫০ লাখ ডলাৰৰ অৰ্থাৎ ৪১.৬২ কোটি টকাৰ অট্টালিকাটোত মৃত অৱস্থাত উদ্ধাৰ হয়। তেওঁ মেছাচুচেটছৰ ড’ভাৰত বাস কৰিছিল। এই মৃত্যুক ঘৰুৱা হিংসাৰ ঘটনা হিচাপে গণ্য কৰিছে আৰক্ষীয়ে।

নৰ্ফোক জিলা এটৰ্নী মাইকেল মৰিছে কয় যে এইটো এটা মৰ্মান্তিক ঘটনা। ৰাকেশ কমলৰ মৃতদেহৰ সমীপত উদ্ধাৰ হৈছে এটা বন্দুক। পৰিয়ালৰ তিনিজন সদস্যক গুলীয়াই হত্যা কৰা হৈছে বা কোনে গুলীয়াই হত্যা কৰিছে সেই কথা তেওঁ কোৱা নাই। এই কাণ্ডক হত্যা-আত্মহত্যা বুলি গণ্য কৰাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে তেওঁ চিকিৎসা প্ৰতিবেদনৰ বাবে অপেক্ষা কৰিছে বুলিও কয়।

অনলাইন ৰেকৰ্ডৰ উদ্ধৃতি দি নিউয়ৰ্ক পোষ্টে এক প্ৰতিবেদনত প্ৰকাশ কৰিছে যে যোৱা কিছু বছৰত কমলে আৰ্থিক সমস্যাৰ সন্মুখীন হৈছিল। তেওঁ বাস কৰা অট্টালিকাটো বন্ধকত  আন কোনোবাই দখল কৰি ৰাখিছিল। মেছাচুচেটছৰ উইলছনডেল এছ’চিয়েটছ এল এল চিয়ে ৩০ লাখ ডলাৰত এই অট্টালিকাটো ক্ৰয় কৰে। এই অট্টালিকাটোত ১১টা শোৱা কোঠা আৰু ১৩টা বাথৰুম আছে।

ৰাকেশ কমল আৰু তেওঁৰ পত্নী টিনাই চলাইছিল ‘এদুনভা’ কোম্পানী

ঘটনাৰ সময়ত সেই ঘৰত কেৱল পৰিয়ালৰ লোকহে বাস কৰিছিল। ৰাকেশ কমল আৰু টিনাই ইয়াৰ পূৰ্বে মেছাচুচেটছৰ এটা শিক্ষা ব্যৱস্থা কোম্পানী – ‘এডুনোভা’ চলাইছিল। ৰাকেশ কমলে বষ্টন বিশ্ববিদ্যালয়, এম আই টি স্ল’ন স্কুল অৱ মেনেজমেণ্ট আৰু ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ত প্ৰাক্তন ছাত্ৰ আৰু শৈক্ষিক পৰামৰ্শদাতা হিচাপেও কাম কৰি আহিছে।

২০২১ চনত বন্ধ হৈছিল ৰাকেশ কমলৰ কোম্পানী

ৰাকেশ কমলে পত্নীৰ সৈতে ২০১৬ চনত মুকলি কৰিছিল ‘এডুনোভা’। বষ্টন গ্ল’বে এক প্ৰতিবেদনত প্ৰকাশ কৰিছে যে ‘এডুনোভা’ৰ উদ্দেশ্য আছিল মাধ্যমিক বিদ্যালয়, উচ্চতৰ বিদ্যালয় আৰু কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ গ্ৰেড উন্নত কৰাৰ কাম। প্ৰথম অৱস্থাত কোম্পানীটোৱে ভাল প্ৰদৰ্শন কৰিছিল যদিও ২০২১ চনৰ ডিচেম্বৰ মাহত বন্ধ কৰি দিয়া হৈছিল।

আৰিয়ানাই মিডলবেৰী কলেজত স্নায়ুবিজ্ঞান অধ্যয়ন কৰি আছিল

২০২২ চনৰ ছেপ্টেম্বৰ মাহত টিনাক দেউলীয়া ঘোষণা কৰা হৈছিল। টিনাই দিল্লী বিশ্ববিদ্যালয় আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰাও অধ্যয়ন কৰিছিল। টিনা আৰু ৰাকেছৰ কন্যা আৰিয়ানাই ভাৰম’ণ্টৰ মিডলবেৰী কলেজত স্নায়ু বিজ্ঞানত অধ্যয়ন কৰি আছিল, যাৰ বাৰ্ষিক খৰচ আছিল ৬৪,৮০০ ডলাৰ অৰ্থাৎ প্ৰায় ৫৪ লাখ টকা।

Related News