NORTHEAST NOW (Assamese)

সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবী কনৰাড চাংমাৰ

December 6, 2021 4:56 pm · এন ই নাও নিউজ, গুৱাহাটী

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই আজি সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) বাতিল কৰিবলৈ দাবী জনাইছে। এক টুইটযোগে চাংমাই লিখিছে, “AFSPA বাতিল কৰা উচিত।”

উল্লেখ্য যে মেঘালয়ৰ মুখ্যমন্ত্ৰী চাংমা বিজেপি মিত্ৰজোঁটৰ অংশ। নাগালেণ্ডত আছাম ৰাইফলছৰ নিৰ্বিচাৰ গুলীচালনাত ১৫ জন সাধাৰণ লোকৰ মৃত্যুৰ পিছতে কনৰাড চাংমাই AFSPA বাতিলৰ দাবী জনাইছে।

 

উত্তৰ পূবত কাৰ্যকৰী হৈ থকা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন, ১৯৫৮ মেঘালয়ৰ পৰা ২০১৮ চনত প্ৰত্যাহাৰ কৰা হৈছিল।

নাগালেণ্ডৰ নৃশংস হত্যাকাণ্ডৰ পিছতে উত্তৰ পূবৰ সৰ্বত্ৰে AFSPA বাতিলৰ দাবী উত্থাপন হৈছে। চাংমাৰ পূৰ্বে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’য়েও AFSPA বাতিলৰ দাবী উত্থাপন কৰিছে।

Related News