NORTHEAST NOW (Assamese)
Popular Stories

প্ৰিয় শিক্ষয়িত্ৰীক প্ৰেম নিবেদন কৰি সমাজৰ কটুক্তিৰ বলি হ’ল ছাত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 1, 2023 7:21 am

১৬ বছৰৰ পিছত নিজৰ প্ৰিয় শিক্ষয়িত্ৰীক লগ পাই প্ৰেম নিবেদন কৰিলে এগৰাকী প্ৰাক্তন ছাত্ৰীয়ে।

এই ঘটনা মিচিগানৰ। ১৬ বছৰ আগতে এখন বিদ্যালয়ত সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল মণিকা কেচাম নামৰ যুৱতীগৰাকী। সেই বিদ্যালয়তে শিক্ষকৰ্তা কৰা এগৰাকী শিক্ষয়িত্ৰী আছিল। শিক্ষয়িত্ৰীগৰাকীৰ নাম মিচেল ফষ্টাৰ।

সেই সময়ত ক্লাছ ৰুমত দুয়ো দুয়োৰে আছিল প্ৰিয়। বিদ্যালয়ত প্ৰিয় ছাত্ৰী হিচাপে মিচেলৰ মৰম পাইছিল মণিকা কেচামে। আনহাতে মণিকাৰো প্ৰিয় শিক্ষয়িত্ৰী আছিল মিচেল ফাষ্টাৰ।

কিন্তু স্কুল পাছ কৰাৰ পিছত বহু দিন ধৰি কোনো ধৰণৰ যোগাযোগ নাছিল এই দুই গুৰুশিষ্যৰ মাজত। প্ৰিয় শিক্ষয়িত্ৰীৰ লগত যোগাযোগ নোহোৱাকৈয়ে পাৰ হৈ গ’ল ষোল্লটাকৈ বছৰ।

কিন্তু স্কুল এৰা ষোল্ল বছৰৰ পিছত এদিন হঠাতে ছ’চিয়েল মিডিয়াত নিজৰ প্ৰিয় শিক্ষয়িত্ৰীক বিচাৰি পালে ছাত্ৰীগৰাকীয়ে। দুয়োৰে মাজত পুনৰ আৰম্ভ হ’ল বন্ধুত্বসুলভ কথাবতৰা। তাৰপিছতেই নিজৰ প্ৰিয় শিক্ষয়িত্ৰী মিচেলক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ালে প্ৰিয় ছাত্ৰী মণিকাই।

মিচিগানৰ বাসিন্দা ৩১ বছৰীয়া মনিকা কেচাম আৰু ৫৬ বছৰীয়া মিচেলৰ মাজত এইদৰেই আৰম্ভ হ’ল প্ৰেমৰ সম্পৰ্ক। গুৰুশিষ্য সম্পৰ্কৰ পৰিৱৰ্তন ঘটিল প্ৰেমৰ দিশেৰে।

২০০৪ চনত স্কুলত পঢ়ি থকাৰ সময়ত মিচেল আছিল মণিকাৰ বিজ্ঞানৰ শিক্ষয়িত্ৰী। তেওঁলোকৰ মাজৰ সম্পৰ্ক ৰাজহুৱা কৰি মণিকাই লিখিলে, “মই ক্লাছ চেভেনত পঢ়াৰ পৰাই মিচেল মোৰ প্ৰিয় শিক্ষয়িত্ৰী। আৰু মই আছিলোঁ তেওঁৰ এগৰাকী ঘনিষ্ঠ ছাত্ৰী। তাৰ বাহিৰে আমাৰ মাজত সেই সময়ত আৰু একো নাছিল।”

১৬ বছৰৰ পিছত লাহে লাহে দুয়োজনে নিজৰ অতীত পাহৰি গুৰুশিষ্যৰ সম্পৰ্ক এৰি ভাল বন্ধু হৈ পৰে। কিছুদিনৰ মূৰত তেওঁলোকে উপলব্ধি কৰে যে এই সম্পৰ্কৰ বন্ধুত্বতকৈও গভীৰলৈ গৈছে। বন্ধুবান্ধৱ, পৰিয়াল আৰু চিনাকি মানুহৰ উপহাস পোৱাৰ পিছতো ২০২২ চনৰ ছেপ্টেম্বৰ মাহত মনিকাই নিজৰ প্ৰিয় শিক্ষয়িত্ৰীগৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায়। আৰু তেৱোঁ সেই প্ৰস্তাৱ গ্ৰহণ কৰে।

সেই ঘটনাৰ পিছৰে পৰা দুয়োকে বিভিন্ন ঠাইত উপহাসৰ সন্মুখীন হৈছে। আনহাতে কোনো কোনোৱে মাককন্যা বুলিও ভুল কৰে। মিচেলে কয় যে আমাৰ বয়সৰ পাৰ্থক্যক লৈ মই আৰম্ভণিৰে পৰাই চিন্তিত আছিলো। বিভিন্ন উপদেশ শুনিব লগা হৈছিল। কিন্তু আমি যদি একেলগে থাকিব বিচাৰো তেন্তে আমি এই কথা সহ্য কৰিবই লাগিব।