NORTHEAST NOW (Assamese)
অসম

ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পূৰ্বে ভাৰতীয় দলৰ কোভিড ফলাফল নিগেটিভ; চেন্নাইত প্ৰশিক্ষণ আৰম্ভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2021 6:15 pm
ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পূৰ্বে ভাৰতীয় দলৰ কোভিড ফলাফল নিগেটিভ; চেন্নাইত প্ৰশিক্ষণ আৰম্ভ

ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ঘৰুৱা শৃংখলাৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ সকলো খেলুৱৈৰ কোভিড টেষ্টৰ ফলাফল নিগেটিভ আহিছে।

ভাৰতীয় ক্ৰিকেট দলটোৰ খেলুৱৈ, প্ৰশিক্ষক, ফিজিঅ’কে ধৰি ছাপোৰ্ট ষ্টাফৰ সকলো বিষয়ববীয়াৰ কোভিড ফলাফল নিগেটিভ আহে।

ভাৰতীয় দলটোৰ সদস্য সকলৰ কোভিড ফলাফল প্ৰকাশ পোৱাৰ পাছতে খেলুৱৈ সকলে চেন্নাইত প্ৰশিক্ষণ আৰম্ভ কৰিছে।

ভাৰতে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট, এদিনীয়া আৰু টি-২০ শৃংখলাত অংশগ্ৰহণ কৰিব।

প্ৰথমে চাৰিখন টেষ্ট মেচৰ শৃংখলাটো অনুষ্ঠিত হ’ব আৰু প্ৰথমখন খেল চেন্নাইত অনুষ্ঠিত হ’ব।

ইপিনে, অষ্ট্ৰেলিয়াত টেষ্ট শৃংখলাত বিজয়ী হোৱাৰ পাছত ভাৰতীয় দলটোৰ আত্মবিশ্বাস তুংগত আছে।

বিৰাট কোহলীয়ো পিতৃ হোৱাৰ পাছত পুনৰ দলৰ অধিনায়কত্ব গ্ৰহণ কৰাৰ বাবে প্ৰত্যাৱৰ্তন কৰিছে।

বিৰাট কোহলী অধিনায়ক হোৱাৰ পাছত আজিংক ৰাহানে পুনৰ তেওঁৰ পূৰ্বৰ দায়িত্ব সহ-অধিনায়কলৈ উভতিব।