NORTHEAST NOW (Assamese)
অসম

আদানি গ্ৰুপৰ পিছত এইবাৰ ‘টাৰ্গেট’ত কোন? হিণ্ডেনবাৰ্গৰ নতুন টুইটত শ্বেয়াৰ বজাৰত জোকাৰণি!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 23, 2023 1:51 pm

যোৱা জানুৱাৰীত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ প্ৰতিবেদনৰ পিছত আদানি গ্ৰুপৰ শ্বেয়াৰ দ্ৰুতভাৱে হ্ৰাস পাইছে। ২০২২ৰ ছেপ্টেম্বৰলৈকে ১৫০ বিলিয়ন ডলাৰৰ অধিক মূল্যৰ সম্পত্তিৰ গৰাকী গৌতম আদানি জানুৱাৰীত ৫৩ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছিল। আদানি বিশ্বৰ বিলিয়নেয়াৰৰ তালিকাৰ শীৰ্ষ ৩৫ ৰ পৰা বাদ পৰিছিল আৰু তেওঁৰ আদানি গ্ৰুপ বৃহৎ লোকচানৰ সন্মুখীন হৈছিল।

আদানি গ্ৰুপৰ শ্বেয়াৰ ক্ৰয় কৰা বিনিয়োগকাৰীসকলেও বৃহৎ লোকচানৰ সন্মুখীন হৈছে। যোৱা কেইদিনমানত গৌতম আদানিৰ অৱস্থা উন্নত হৈ আছে আৰু তেওঁ বিলিয়নেয়াৰৰ তালিকাত কিছু ওপৰলৈ আহিছে।

তাৰমাজতে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে এইবাৰ টুইটাৰত আন এটা নতুন টুইট কৰিছে। হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে ‘আৰ এটা ডাঙৰ’ ঘোষণাৰ ইংগিত দিছে।

হিণ্ডেনবাৰ্গ ৰিচাৰ্চে ইয়াৰ টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰিছে, “শীঘ্ৰেই নতুন প্ৰতিবেদন – আন এক ডাঙৰ প্ৰতিবেদন।‘’ এই টুইটটো সমগ্ৰ বিশ্বৰ শ্বেয়াৰ বজাৰত যথেষ্ট আগ্ৰহেৰে চোৱা হৈছে। বহুতৰ ধাৰণা যে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন আমেৰিকান বেংকৰ বিষয়ে হ’ব নেকি?

হিণ্ডেনবাৰ্গৰ টুইটৰ উত্তৰত এজন ভাৰতীয় য়ুজাৰে লিখিছে ‘আশা কৰোঁ’, ই আন কোনো ভাৰতীয় কোম্পানীৰ বিষয়ে নহ’ব। য়ুজাৰজনে হিণ্ডেনবাৰ্গক এই সময়ত এটা চীনা কোম্পানীৰ বিষয়ে প্ৰতিবেদন দিবলৈও অনুৰোধ কৰিছে।