NORTHEAST NOW (Assamese)
অসম

দেশৰ মুখ্য ন্যায়াধীশ নিযুক্ত হোৱাৰ পাছত প্ৰথমবাৰলৈ অসমত উপস্থিত হ’ল ন্যায়াধীশ ৰঞ্জন গগৈ

Posted by: এন ই নাও নিউজ September 15, 2018 12:04 pm
ranjan-gogoi Assam NRC: SC seeks Centre, state govt’s response over appeal for citizenship

অহা ৩ অক্টোবৰত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৪৬ সংখ্যক মুখ্য বিচাৰপতিৰূপে প্ৰথম অসমীয়া তথা উত্তৰ-পূবৰে প্ৰথম ব্যক্তি হিচাপে শপত ল’ব ন্যায়াধীশ ৰঞ্জন গগৈয়ে। গগৈৰ নাম ৰাষ্ট্ৰপতিয়ে অনুমোদন জনোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে অসমবাসী।

স্বাভাৱিকতে এই খবৰে গগৈৰ জন্মজিলা ডিব্ৰুগড়বাসীৰ লগতে গৌৰৱান্বিত কৰি তুলিছে নিজ মাতৃক। পুত্ৰৰ সাফল্যত আত্মহাৰা হৈ ৰঞ্জন গগৈৰ মাতৃ শান্তি গগৈয়ে কয় যে স্বাধীনতাৰ পাছৰে পৰা সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আসনত এজনো অসমীয়া অধিষ্ঠিত হ’ব পৰা নাছিল। সেইখন আসনত অধিষ্ঠিত হ’বলৈ অসমৰ এজন সুযোগ্য আইনবিদ নথকাৰ এটা বদনাম আছিল। কিন্তু এতিয়া আৰু সেই বদনাম নাথাকে।

‘ৰঞ্জনে অসমৰ ৰাইজৰ বহুদিনীয়া এটা সপোন পূৰণ কৰিলে। এই মুহূৰ্তত মাতৃ হিচাপে মোতকৈ আৰু সুখী কোনো হ’ব নোৱাৰে’। এনেদৰে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে ৰঞ্জন গগৈৰ মাতৃ তথা বিশিষ্ট সমাজ সেৱিকা শান্তি গগৈয়ে।

ইফালে অহা ৩ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানলৈ যোৱাৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ থকা বুলিও ৰঞ্জন গগৈৰ মাতৃয়ে উল্লেখ কৰে।

জানিব পৰা মতে ৩ অক্টোবৰত হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানলৈ মাকক লৈ যোৱাৰ উদ্দেশ্যে অসমলৈ অহা ৰঞ্জন গগৈ আজি ডিব্ৰুগড়ত উপস্থিত হ’ব।

আনহাতে আজি সন্ধিয়া পৰৱৰ্তী মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে মাতৃ শান্তি গগৈৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘ৰঙীণ পাত’ উন্মোচন কৰিব।