NORTHEAST NOW (Assamese)
Popular Stories

তীব্ৰ সমালোচনাৰ পাছত থমকিল ষ্টেলিন! তামিলনাডুত নিষিদ্ধ কৰা হোৱা নাই হিন্দী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 15, 2025 7:51 pm

তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে একপক্ষীয়ভাৱে সমগ্ৰ ৰাজ্যখনতে হিন্দী ভাষা কাৰ্যতঃ নিষিদ্ধ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু তীব্ৰ বিতৰ্কৰ বাবে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন পিছ হুহকিবলৈ বাধ্য হয়। সূত্ৰ অনুসৰি তামিলনাডু চৰকাৰে প্ৰস্তাৱিত হিন্দী ভাষা নিষেধাজ্ঞা বিধেয়ক উত্থাপন নকৰে। প্ৰধানত ইয়াৰ সৈতে দুটা কাৰণ নিহিত হৈ আছে। এটা, বিধেয়কখনৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে সৃষ্টি হোৱা বৃহৎ সামাজিক বিতৰ্ক। দুই, সাংবিধানিক দৃষ্টিকোণৰ পৰা এনে বিধেয়কৰ বৈধতাক লৈ থকা সন্দেহ।

সূত্ৰ অনুসৰি হিন্দী ভাষা নিষেধাজ্ঞা বিধেয়কৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে সামাজিক মাধ্যমত বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ বাবে বিৰোধী শিবিৰেও ষ্টেলিনক তীব্ৰ সমালোচনা কৰে। বিজেপিয়ে বিধেয়কখনক অবাস্তৱ আৰু ভিত্তিহীন বুলি অভিহিত কৰে। গেৰুৱা শিবিৰৰ দাবী যে অহা বছৰ তামিলনাডুৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হব। তাৰ আগতে ডি এম কে-য়ে তামিল আৱেগক তুষ্টিকৰণ কৰি ভোট লাভৰ চেষ্টা চলাইছে। এই সকলোবোৰৰ মাজতে প্ৰশ্ন উত্থাপন হবলৈ আৰম্ভ কৰিছে যে এটা নিৰ্দিষ্ট ভাষাক কাৰ্যতঃ নিষিদ্ধ ঘোষণা কৰাটো সাংবিধানিক হয়নে?

সূত্ৰ অনুসৰি এই ভাষা বিতৰ্ক তীব্ৰতৰ হৈ পৰাত ষ্টেলিনে ততাতৈয়াকৈ ডি এম কেৰ শীৰ্ষ নেতৃত্বৰ বৈঠক আহ্বান কৰে। তাতেই সিদ্ধান্ত লোৱা হয় যে এই বিধেয়কখন উত্থাপন কৰা নহব। ডি এম কেৰ জ্যেষ্ঠ নেতা টি কে এছ উল্গানাথনে কয় যে, “আমি সংবিধানৰ কাঠামোৰ ভিতৰত সকলো সিদ্ধান্ত লম। সংবিধান উলংঘা কৰিব পৰা কোনো সিদ্ধান্ত লোৱা নহ’ব।” সূত্ৰ অনুসৰি বিতৰ্কিত বিধেয়কখন সম্প্ৰতি বিধানসভাত দাখিল কৰা নহব। অৱশ্যে হিন্দী আগ্ৰাসনৰ বিৰোধিতা দলটোৱে অব্যাহত ৰাখিব।

উল্লেখ্য যে হিন্দী আৰু আঞ্চলিক ভাষাৰ এই সংঘাত দীৰ্ঘদিনীয়া। পেৰিয়াৰ-আন্নাদুৰাইৰ সময়ৰে পৰা দ্ৰাবিড় ৰাজ্যসমূহে হিন্দী আগ্ৰাসনৰ বিৰোধিতা কৰি আহিছে। শেহতীয়াকৈ তামিলনাডুৱে কেন্দ্রৰ ত্ৰিভাষিক নীতিৰ বাবে হিন্দীৰ বিৰোধিতাৰ গ্রহণ নীতি নতুনকৈ গ্ৰহণ কৰিছে৷ এম কে ষ্টেলিনে বাৰে বাৰে কৈ আহিছে যে ত্ৰিভাষিক শিক্ষাৰ জৰিয়তে অহিন্দীভাষী ৰাজ্যৰ ওপৰত হিন্দী জোৰ কৰি জাপি দিবলৈ চেষ্টা কৰা হৈছে।