NORTHEAST NOW (Assamese)
Popular Stories

ক্ষমতালৈ অহাৰ পাছতে হাগ্ৰামাই কিনিলে কোটিটকীয়া গাড়ী, প্ৰায় ৩৩ খনৰো অধিক বাহনৰ গৰাকী হ’ল মহিলাৰী দম্পতী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 26, 2025 10:38 am

পুনৰ বিটিচিৰ প্ৰধানৰ আসনত হাগ্ৰামা মহিলাৰী। আঠাইছখন আসন দখলেৰে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি বিটিচিৰ মুৰব্বীৰ আসনখনত বহাৰ এটা মাহ নৌহঁওতেই হাগ্ৰামা মহিলাৰীয়ে কিনিলে কোটিটকীয়া গাড়ী।

নিৰ্বাচনৰ পূৰ্বে হেলিকপ্টাৰৰ ভাড়া দিবলৈ টকা নাই বুলি কৈছিল হাগ্ৰামা মহিলাৰীয়ে। বাইছ কোটি টকাত গুৱাহাটীৰ মাটি বিক্ৰী কৰি হেলিকপ্টাৰৰ তেল ভৰোৱাৰ লগতে নিৰ্বাচনৰ আন খৰচ কৰিছিল বুলি কৈছিল মহিলাৰীয়ে।

শেহতীয়াকৈ হাগ্ৰামা মহিলাৰীয়ে ক্ৰয় কৰিছে এখন TOYOTA VELLFIRE গাড়ী। ভাৰতৰ বজাৰত এই গাড়ীখনৰ দাম ১ কোটি ২০ লাখৰ পৰা ১ কোটি ৩০ লাখ টকা। সকলো অত্যাধুনিক সুবিধা উপলব্ধ এই গাড়ীখন।

গাড়ীখনৰ সৈতে উঠা হাগ্ৰামা মহিলাৰীৰ ফটো সামাজিক মাধ্যমত ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

নিৰ্বাচনৰ মনোনয়ন দাখিলৰ সময়ত দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি, হাগ্ৰামাৰ নামত আছে ৫৭ লাখ টকীয়া এখন টয়টা লেণ্ড ক্ৰুইজাৰ গাড়ী। হাগ্ৰামাৰ পত্নী শিউলী মহিলাৰীৰ নামত আছে মুঠ ৩২খন গাড়ী। তদুপৰি হাগ্ৰামাৰ পত্নীৰ নামত আছে ১ কোটি ৪১ লাখ ৯৫ হাজাৰ ৩৯৭ টকীয়া টয়টা গাড়ী, আছে ১৬খন ডাম্পাৰ, ৩খন এক্সকেভেটৰ, ৩খন ট্ৰেক্টৰ আৰু ২খন টেংকাৰ।