NORTHEAST NOW (Assamese)
Popular Stories

পত্নীৰ সৈতে কাজিয়াত লিপ্ত হৈ পিতৃয়ে হত্যা কৰিলে নিজৰ পাঁচমহীয়া কন্যাক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 10, 2020 3:33 pm
Death_Picture_EPS

অতি জঘন্য এক ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুনেত।

এজন ব্যক্তিয়ে হত্যা কৰিছে নিজৰে পাঁচমহীয়া কন্যা সন্তানক।

সংবাদ প্ৰতিষ্ঠান পিটিআইৰ মতে ঘটনাটো সংঘটিত হৈছে শনিবাৰে পুৱা ৫.৪৫ বজাত।

আৰক্ষীৰ উদ্ধৃতি পিটিআইএ প্ৰকাশ কৰিছে যে পুনেৰ বাভধান এলেকাৰ এহাল দম্পতীৰ মাজত ৮ মে’ৰ ৰাতিয়ে এক কাজিয়াৰ সূত্ৰপাত হয়।

দম্পতীহালৰ সেই কাজিয়া অব্যাহত থাকে শনিবাৰৰ পুৱাৰলৈকে।

শনিবাৰে পুৱা ৫.৪৫ বজাত কাজিয়া লিপ্ত স্বামী গৰাকীয়ে নিজৰ পাঁচমহীয়া কন্যা সন্তান গৰাকী হত্যা কৰে।

নিজ পাঁচমহীয়া কন্যা সন্তান গৰাকীক হত্যা কৰা পিতৃ গৰাকীয়ে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।