NORTHEAST NOW (Assamese)
অসম

মহানগৰীত দেৱাল খহি পৰি এগৰাকী মহিলা নিহত, গুৰুতৰভাৱে আহত আন এজন লোক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 19, 2021 7:57 am
Wall-collapse-1140x570

শুকুৰবাৰে গুৱাহাটীত হোৱা প্ৰবল বৰষুণৰ ফলত এটা বাসগৃহৰ চৌহদৰ গাৰ্ড ৱাল খহি পৰি এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়।

জানিব পৰা মতে, মহানগৰীৰ পাণ্ডু অঞ্চলৰ আমেৰিকান কল’নিত সংঘটিত হৈছে এই ঘটনা।

এই ঘটনাত তেওঁলোকৰ ঘৰটোৰ এটা অংশও ক্ষতিগ্ৰস্ত হৈছে।

মৃত মহিলাগৰাকীৰ পৰিয়ালৰে আহত ব্যক্তিগৰাকীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত ভৰ্তি কৰোৱা হয়।

যোৱা কেইদিনমান ধৰি হোৱা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বহুকেইটা অঞ্চল জলমগ্ন হৈ পৰিছে।